চতিয়া, 24 ডিচেম্বৰ : অসম চৰকাৰৰ কেবিনেটে বিশ্বনাথ জিলাত এখন মেডিকেল কলেজ স্থাপনৰ কথা শেহতীয়াকৈ লোৱা প্ৰস্তাৱৰ কথা ঘোষণা কৰে ৷ উক্ত বিষয়ত চৰ্চাৰ বাবে বিশ্বনাথ জিলাৰ অন্তৰ্গত চতিয়া নাট্যভৱনত শতাধিক ৰাইজৰ উপস্থিতত অনুস্থিত হয় এখন ৰাজহুৱা সভা ৷ বিধায়ক পদ্ম হাজৰিকাই চতিয়াৰ স্বাধীনতা সেনানীৰ ত্যাগৰ কথা স্মৰণ কৰি চতিয়াৰ উন্নয়নৰ বাবে চলাই যোৱা প্ৰচেষ্টাক ৰাজহুৱা সভাত অৱগত কৰে ৷ লগতে বিগত বহু দশক ধৰি অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত স্বনামধন্য ব্যক্তি সকলৰ প্ৰচেষ্টা ফলপ্ৰসূ নোহোৱাৰ বিষয়েও সভাত অৱগত কৰে বিধায়কজনে ৷
চৰকাৰৰ প্ৰস্তাৱিত মেডিকেল কলেজক লৈ চতিয়াত ৰাজহুৱা সভা - চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা
চৰকাৰৰ প্ৰস্তাৱিত মেডিকেল কলেজৰ স্থানক লৈ চতিয়াত অনুষ্ঠিত হয় ৰাজহুৱা সভা ৷ উপস্থিত থাকে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ৷
চতিয়াত ৰাজহুৱা সভা
চতিয়াৰ সামগ্ৰিক উন্নয়নৰ কথা চিন্তা কৰি চতিয়াবাসীৰ দাবীক সন্মান জনাই অসম চৰকাৰক মেডিকেল কলেজখন স্থাপনৰ দাবী কৰে ৷ সভাত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও চতিয়াবাসী ৰাইজৰ দাবীক সন্মান জনায় আৰু মেডিকেল কলেজখন স্থাপনৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা প্ৰদান কৰাৰ আস্বাস প্ৰদান কৰে ৷
আৰু পঢ়ক : আপোনাৰ সহায়ে জীৱন দিব পাৰে কণমানি সমুদ্ৰক