অসম

assam

By

Published : Feb 27, 2019, 11:13 PM IST

ETV Bharat / state

হেলেমত অবৈধ সুৰাৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ সজাগতা সভা

অসম চাহ মজদুৰ সংঘকে ধৰি আছা, আট্ছা আৰু SCMS ৰ প্ৰতিবাদ

হেলেমত সুৰাৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ প্ৰতিবাদ

গহপুৰ, ২৭ ফেব্ৰুৱাৰীঃ গহপুৰৰ হেলেমত বুধবাৰে অবৈধ সুৰাৰ বিৰুদ্ধে সজাগতা সমদল । অবৈধ সুৰা বন্ধৰ দাবীত সমদল উলিয়াই অসম চাহ মজদুৰ সংঘকে ধৰি আছা, আট্ছা আৰু SCMS য়ে।

হেলেমত অবৈধ সুৰাৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ প্ৰতিবাদ

গোলাঘাট আৰু যোৰহাট জিলাত অবধ্য সুৰা সেৱন কৰি ডেৰ শতাধিক লোকৰ মৃত্যুৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া গহপুৰৰ হেলেমত। অবৈধ দেশীয় সুৰাৰ আৰু চুলাই মদৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ চলোৱা দেখা গ'ল আছা আট্ছা আৰু চাহ মজদুৰ সংঘই বিশ্বনাথ জিলাৰ হেলেমত । অবৈধ দেশীয় সুৰা বন্ধ কৰক সুৰা ব্যৱসায়ী হুচিয়াৰ আমাক জীয়াই থাকিব দিয়ক আছা জিন্দাবাদ আট্ছা জিন্দাবাদ আদি ধ্বনিৰে এক প্ৰতিবাদী সমদল উলিয়াই । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কেইবা শতাধিকপুৰুষ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে। বহু ঠাইত অবৈধ সুৰাৰ ভাটি ভাঙি দিয়ে প্ৰতিবাদকাৰীয়ে।

ABOUT THE AUTHOR

...view details