বিশ্বনাথ, 22 জুলাই:আজিলৈকে কোনো ধৰণৰ মেৰামতি অবিহনেই পৰি ৰ'ল বিশ্বনাথ ঘাট-কৈৰয়ণী সংযোগী পথ ৷ যাৰ বাবে বুধবাৰে বিধ্বস্ত পথৰ মাজতে ভুঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় লোকে ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি,দীৰ্ঘদিনৰ পৰাই পানীভঁৰাল অঞ্চলৰ সমূহ ৰাইজে দুৰ্ভোগ আহিছে বিধ্বস্ত পথটোৰ বাবে ৷ আনকি কেইবাবাৰো সেই পথত সংঘটিত হৈছে পথ দুৰ্ঘটনাও ৷ কেৱল ইমানেই নহয়,এই পথত পৰি বহুতো স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ হাত-ভৰি ভঙাৰো উদাহৰণ আছে বুলি জানিবলৈ দিয়ে ক্ষোভিত ৰাইজে ৷ তৎসত্বেও আজি পৰ্যন্ত কোনো ধৰণৰ বিহীত গ্ৰহণ কৰা নাই এই পথটো মেৰামতিৰ বাবে ৷
বিশ্বনাথত বিধ্বস্ত পথত ভুঁই ৰুই ৰাইজৰ প্ৰতিবাদ - বিশ্বনাথ
বুধবাৰে পথৰ মাজত ভুঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে বিশ্বনাথ নগৰৰ পৰা প্ৰায় ৫ কি:মি: নিলগত অৱস্থিত পানীভঁৰাল গাঁৱৰ লোকে ৷ বিশ্বনাথ ঘাট-কৈৰয়ণী সংযোগী বিধ্বস্ত পথৰ বাবে অঞ্চলটোৰ সমূহ ৰাইজে দুৰ্দশাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি অভিযোগ উত্থাপন হৈছে ৷
কেইবাখনো চৰকাৰ আহিল আৰু গ'ল ৷ কিন্তু কোনো এখন চৰকাৰৰ দিনতে বিধ্বস্ত পথটোক লৈ অলপো সকাহ নাপালে, বিশ্বনাথ নগৰৰ পৰা প্ৰায় ৫ কি:মি: নিলগত অৱস্থিত পানীভঁৰাল গাঁৱৰ লোকে ৷ স্থানীয় জনপ্ৰতিনিধি গৰাকীক ভুক্তভোগী ৰাইজে বহুবাৰ এই পথ মেৰামতিৰ বাবে অনুৰোধ জনাই আহিছে যদিও তেওঁলোকৰ অভিযোগ, প্ৰতিশ্ৰুতিৰ বাহিৰে আজিলৈ তেওঁলোকে নাপালে কোনো ধৰণৰ উচিত সমাধান ৷ সেয়েহে বুধবাৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ভুক্তভোগী ৰাইজে সংবাদ মাধ্যমযোগে সকীয়নি প্ৰদান কৰিলে স্থানীয় জনপ্ৰতিনিধি গৰাকীক ৷ এই পথৰ বাবে যদি অতি শীঘ্ৰেই কোনো বিহীত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তুক নিৰ্বাচনত জনপ্ৰতিনিধিসকলক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি উল্লেখ কৰে ক্ষোভিত ৰাইজে ৷