অসম

assam

ETV Bharat / state

চৰকাৰৰ জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে বিশ্বনাথত প্ৰতিবাদ

প্ৰব্ৰজিত শ্ৰমিকক চৰকাৰী খৰচত শীঘ্ৰে নিজ গৃহলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা, শ্ৰমিকৰ কামৰ সময় ১২ ঘন্টা পৰিবৰ্তে ৮ ঘন্টালৈ হ্ৰাস কৰা, ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই আৰু ডিব্ৰু ছৈখোৱা ধ্বংস কৰা বন্ধ কৰা, দিবাং ভেলী জলবিদ্যুৎ প্ৰকল্প অতি শীঘ্ৰে বন্ধ কৰা, কা আন্দোলনৰ নেতা বলদেব তেলীক মুক্ত কৰি দিয়াৰ লগতে অখিল গগৈ,দেবাংগনা কলিতাসহ 'কা' বিৰোধী আন্দোলনত বন্দী কৰা প্ৰতিজন নেতাক শীঘ্ৰে চৰকাৰে মুক্তি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত ৷

By

Published : May 30, 2020, 9:49 AM IST

protest against anti-people activities of the rulling party
চৰকাৰৰ জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে বিশ্বনাথত প্ৰতিবাদ

বিশ্বনাথ, 30মে': সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো এতিয়া কৰ'ণা ভাইৰাছৰ আতংক ৷ কিন্তু দেশবাসী আতংকিত হৈ থকাৰ সময়তে চৰকাৰে গ্ৰহণ কৰিছে কিছুমান জনবিৰোধী পদক্ষেপ ৷ এই অভিযোগ একাংশ দল-সংগঠনৰ ৷ চৰকাৰে গ্ৰহণ কৰা একাংশ কাৰ্যপন্থাক লৈ সৰৱ হৈ শুক্ৰবাৰে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে সদৌ অসম বিপ্লৱী যুৱ সন্থা আৰু নিখিল ভাৰত ছাত্ৰ সন্থাই(AISA) যুটীয়াভাৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিশ্বনাথ জিলাৰ বৰগাংত বিহালী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কেইবাটাও দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে দুয়োটা সংগঠনে ।

চৰকাৰৰ জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে বিশ্বনাথত প্ৰতিবাদ

প্ৰব্ৰজিত শ্ৰমিকক চৰকাৰী খৰচত শীঘ্ৰে নিজ গৃহলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা, শ্ৰমিকৰ কামৰ সময় ১২ ঘন্টা পৰিবৰ্তে ৮ ঘন্টালৈ হ্ৰাস কৰা, ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই আৰু ডিব্ৰু ছৈখোৱা ধ্বংস কৰা বন্ধ কৰা, দিবাং ভেলী জলবিদ্যুৎ প্ৰকল্প অতি শীঘ্ৰে বন্ধ কৰা, 'কা' আন্দোলনৰ নেতা বলদেব তেলীক মুক্ত কৰি দিয়াৰ লগতে অখিল গগৈ,দেবাংগনা কলিতাসহ 'কা' বিৰোধী আন্দোলনত বন্দী কৰা প্ৰতিজন নেতাক শীঘ্ৰে চৰকাৰে মুক্তি দিয়া, চৰকাৰক সমালোচনা কৰা সকলক ষড়যন্ত্ৰমূলক ভাবে গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰা কাৰ্য বন্ধ কৰাৰ উপৰিও গোচৰ সমূহ শীঘ্ৰে উঠাই লোৱা,টোল গে'ট সমূহত ধন সংগ্ৰহ বন্ধ কৰা লগতে গে'ট সমূহ অসমৰ পৰা শীঘ্ৰে উঠাই লোৱা, অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত মূল্য বৃদ্ধি ৰোধ কৰাকে ধৰি বহু কেইটা দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দুয়োটা সংগঠনে ৷

চৰকাৰৰ জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে বিশ্বনাথত প্ৰতিবাদ

লগতে পঢ়কঃমঙলদৈ অসামৰিক চিকিৎসালয়ত শীঘ্ৰেই ১৫ খন আইচিইউ বেডৰ ব্যৱস্থা

ABOUT THE AUTHOR

...view details