অসম

assam

By

Published : Sep 13, 2019, 8:33 PM IST

ETV Bharat / state

ৰঙিয়া আৰু বিশ্বনাথত পোষণ অভিযান

ৰঙিয়া আৰু বিশ্বনাথত পোষণ অভিযান ৷ অভিযানৰ লগত সংগতি ৰাখি বিশ্বনাথ চাৰিআলিত এক বিশেষ পোষণ ৰথ যাত্ৰা আৰম্ভ কৰা হয় ৷ ৰঙিয়াস্থিত সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ পৰা অংগনৱাড়ীৰ মুখ‍্য সহায়িকা, কৰ্মী আৰু সহায়িকাসকলে নাম গায় শিশুৰ যত্নৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশাল সমদল উলিওৱা হয় ৷

ৰঙিয়া আৰু বিশ্বনাথত উদযাপন পোষণ অভিযান

নিউজ ডেস্ক, 13 চেপ্তেম্বৰঃদেশত মহিলা আৰু শিশুৰ পৰিপুষ্টি সুনিশ্চিত কৰাৰ অৰ্থে 1 চেপ্তেম্বৰৰ পৰা সমগ্ৰ দেশতে আৰম্ভ কৰা হৈছে পোষণ অভিযান৷ ইয়াৰ লগতে সংগতি ৰাখি বিশ্বনাথ চাৰিআলিত এক বিশেষ পোষণ ৰথৰ যাত্ৰা আৰম্ভ কৰা হয় ৷ জিলা প্ৰশাসনৰ উদ্যোগত জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা সৰ্বশিক্ষা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সহযোগত উলিওৱা এই ৰথযাত্ৰাৰ পতাকা উত্তোলন কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে ৷ উপায়ুক্তগৰাকীয়ে কয় যে শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, অপৈণত বিকাশ, পুষ্টিহীনতা, ৰক্তহীনতা আৰু জন্মৰ সময়ত কম ওজন আদি সমস্যাসমূহ দূৰ কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাই এই অভিযানৰ মূল উদ্দেশ্য ৷ পতাকা উত্তোলন অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ সূত্ৰধৰ, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্যও উপস্থিত থাকে ৷ এই ৰথযাত্ৰাত বিশ্বনাথৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অংগনৱাড়ী কৰ্মী-সহায়িকা, সৰ্বশিক্ষা অভিযানৰ খণ্ড সমল সমন্বয়কসকল আৰু সমাজ কল্যাণ বিভাগ, প্ৰাথমিক শিক্ষা বিভাগ আদিৰ বহুসংখ্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷

ৰঙিয়া আৰু বিশ্বনাথত উদযাপন পোষণ অভিযান
বিশ্বনাথৰ সমান্তৰালকৈ ৰঙিয়াতো পালন কৰা হয় পোষণ সপ্তাহ ৷ ৰঙিয়াস্থিত সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ পৰা অংগনৱাড়ীৰ মুখ‍্য সহায়িকা, কৰ্মী আৰু সহায়িকাসকলে নাম গাই শিশুৰ যত্নৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশাল সমদল উলিয়াই৷ ৰঙিয়াৰ চেপ্তিত থকা কমলপুৰ-ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত আজি দুই শতাধিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকাই এই সমদলত অংশগ্ৰহণ কৰে৷ উল্লেখযোগ্য যে ২০১৮ চনৰ ৮ মাৰ্চত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ ঝুনঝুনত শুভ উদ্বোধন কৰা ‘পোষণ অভিযান’ হৈছে এক ৰাষ্ট্ৰীয় অভিলাষী আঁচনি যাৰ অধীনত জন্মৰ পৰা ৬ বছৰৰ শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ পৰিপুষ্টিৰ অৱস্থা উন্নত কৰা হয়৷

ABOUT THE AUTHOR

...view details