বিশ্বনাথ,16 ফেব্ৰুৱাৰীঃ বিশ্বনাথত উন্মোচিত হ’ল অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ৷ এই দৃশ্য উন্মোচিত হৈছে বিশ্বনাথ জিলাৰ গহপুৰ বিধানসমষ্টিৰ টকৌবাৰী ৭ নং ৱাৰ্ডৰ উপ-স্বাস্থ্যকেন্দ্ৰত । ৩ বছৰ পূৰ্বে স্বাস্থ্যকেন্দ্ৰটো নিৰ্মাণ কৰা হৈছিল যদিও নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠা নাই ৷
গহপুৰত স্বাস্থ্যবিভাগৰ ফোঁপোলা স্বৰূপঃআজিকোপতি সম্পূৰ্ণ নহ’ল উপ স্বাস্থ্যকেন্দ্ৰ - Poor condition at biswanath tokoubari sub health centre bisawnath assam etv bharat news
বিশ্বনাথত উন্মোচিত হ’ল অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ৷ এই দৃশ্য উন্মোচিত হৈছে বিশ্বনাথ জিলাৰ গহপুৰ বিধানসমষ্টিৰ টকৌবাৰী ৭ নং ৱাৰ্ডৰ উপ-স্বাস্থ্যকেন্দ্ৰত । ৩ বছৰ পূৰ্বে স্বাস্থ্যকেন্দ্ৰটো নিৰ্মাণ কৰা হৈছিল যদিও নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠা নাই ৷ বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত খড়্গহস্ত হৈছে স্থানীয় ৰাইজ ৷
ইফালে,স্বাস্থ্যকেন্দ্ৰটো নিশাৰ ভাগত একাংশ দুষ্টচক্ৰই বিভিন্ন অনৈতিক কাৰ্যকলাপত ব্যৱহাৰ কৰে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয়লোকে ৷ কেন্দ্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত ভাৰাঘৰত স্বাস্থ্যকেন্দ্ৰটো চলাই থকা বুলি জানিব পৰা গৈছে ৷ তদুপৰি গৃহটোৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰজনে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰি উক্ত স্থানৰ পৰা পলায়ন কৰে । বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত খড়্গহস্ত হৈছে স্থানীয় ৰাইজ ৷ এই সন্দৰ্ভত অব্যাহত থাকিব ইটিভি ভাৰতৰ অনুসন্ধান ৷ পৰৱৰ্তী সময়ত এই বিষয়ে অধিক তথ্য ফাদিল কৰা হ’ব ৷
লগতে চাওকঃগুৱাহাটীত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড
TAGGED:
অসম চৰকাৰৰ স্বাস্থ্য বিভাগ