চতিয়া,১১ নৱেম্বৰ : ‘‘অসমত পাকিস্তান জিন্দাবাদ নচলিব ৷ ইয়াত বন্দে মা তৰম আৰু জয় আই অসমহে চলিব’’ ৷ এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰি ব্যৱসায়িক কেন্দ্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জামুগুৰিহাট শাখাৰ এটি স্থায়ী কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ সেই অনুষ্ঠানতে তেওঁ কয় যে, অসমৰ বায়ু-পানী খাই পাকিস্তান-বাংলাদেশৰ চিন্তাত থকা সকল আমাৰ ঘোৰ শত্ৰু ৷ আমাৰ মাটি, আমাৰ সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই অনা সকল জাতিৰ শত্ৰু ৷ এনে শত্ৰুক অসমৰ পৰা পুলিয়ে-পোখাই আঁতৰাই পঠিয়াব লাগিব ৷
অসমত থাকি পাকিস্তান ধ্বনি দিয়া সকল জাতিৰ শত্ৰু : পদ্ম হাজৰিকা
‘‘অসমৰ বায়ু-পানী খাই পাকিস্তান-বাংলাদেশৰ চিন্তাত থকা সকল আমাৰ ঘোৰ শত্ৰু ৷ আমাৰ মাটি, আমাৰ সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই অনা সকল জাতিৰ শত্ৰু ৷ এনে শত্ৰুক অসমৰ পৰা পুলিয়ে-পোখাই আঁতৰাই পঠিয়াব লাগিব ৷’’ পদ্ম হাজৰিকাৰ হুংকাৰ ৷
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জামুগুৰিহাট শাখাৰ সম্পাদক বিষ্ণু দাসে আঁত ধৰা অনুষ্ঠানটিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক যুটীয়া সম্পাদক পলয় কুমাৰ বড়ো, জামুগুৰি শাখাৰ সভাপতি ড° তিলক শৰ্মা, সহকাৰী সম্পাদক ওম প্ৰকাশ দাস, বিবেক পাল , বৰুণ নাথে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দৰ্শন,লক্ষ্য উদ্দেশ্যৰ ওপৰত বক্তব্য আগবঢ়ায় ৷ সভাত উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শোণিতপুৰ জিলাৰ সমন্বয়ক দ্বিপজ্যোতি দাস প্ৰমুখ্যে বিভিন্নজন ৷
লগতে পঢ়ক :ৰঙাপৰাত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস