অসম

assam

ETV Bharat / state

টাৱাৰত উঠি আত্মহননৰ চেষ্টা চানিৰামৰ

33 কেভিৰ ইলেক্ট্ৰিকেল খুটাত উঠি আত্মহত্যাৰ প্ৰচেষ্টা চলালে চানিৰাম নামৰ এজন লোকে । 6 ঘন্টা ধৰি ব্যাহত বিদ্যুত যোগাযোগ ৷ পাচ ঘন্টাতকৈ অধিক সময় নাটকীয় পৰিবেশৰ সূচনা কৰা চানিৰামৰ বাবেই জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকে আদি কৰি সাধাৰন ৰাইজে ভুগিবলগীয়া হল দুৰ্ভোগ

By

Published : Sep 16, 2019, 10:22 PM IST

টাৱাৰত উঠি আত্মহননৰ চেষ্টা

বিশ্বনাথ, 16 চেপ্তেম্বৰ : দেওবাৰে নিশা 5 ঘন্টাতকৈ অধিক সময় বিশ্বনাথৰ লোকক জলা কলা খুৱালে চানিৰাম ওৰাং নামৰ এজন লোকে । নিদ্ৰা হৰিলে জিলাখনৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ পৰা আন আন চৰকাৰী বিষয়াৰ । 33 কেভিৰ ইলেক্ট্ৰিকেল খুটাত উঠি আত্মহত্যাৰ প্ৰচেষ্টা চলালে চানিৰাম নামৰ লোকজনে । ফলত বিয়লি 5 বজাৰ পৰা বিদ্যুৎ বিভাগে কৰ্তন কৰিব লগীয়া হল বিদ্যুৎ আৰু যাৰ বাবে বিশ্বনাথ চাৰিআলিৰ লগতে গহপুৰ , লক্ষীমপুৰ, মাজুলী , ধেমাজি আদি ঠাইলৈ বিদ্যুৎ পৰিবহন বন্ধ কৰিবলৈ বাধ্য হ'ল অসম শক্তি বিতৰন কোম্পানী । এই ঘটনাৰ পিছতে প্ৰৱল বৃষ্টিপাতৰ মাজতে ঘটনাস্থলীত স্থানীয় ৰাইজৰ লগতে উপস্থিত হয় বিশ্বনাথ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসহ প্ৰশাসনৰ বহু উচ্চ পদস্থ বিষয়া । প্ৰশাসনে বহু চেষ্টা কৰিও খুটাৰ পৰা নমাব পৰা নাছিল চানিৰাম ওৰাং নামৰ লোকজনক ৷ কোনোবা খুটাটোলৈ উঠিলেই খুটাৰ পৰা জপিয়াই দিয়াৰ ভাবুকি দিয়ে চানিৰামে ৷ নিশা 11.45 বজাত অৱশেষত প্ৰচণ্ড জোৰেৰে বৰষুণ অহাত চানিৰাম টাৱাৰৰ পৰা পিচল খায় । প্ৰবল বৰষুণৰ বাবে পিচল খাই পৰাৰ সময়ত টাৱাৰৰ বিভিন্ন অংশত খুন্দা খাই আঘাতপ্ৰাপ্ত হৈ তলত পৰে চানিৰাম ৷ লগে লগে আৰক্ষী প্ৰশাসনে চানিৰামক লৈ যায় বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ । চিকিৎসালত চিকিৎসকে চানিৰামক সংকটমুক্ত বুলি ঘোষণা কৰে যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চানিৰামক প্ৰেৰণ কৰে তেজপুৰ মেডিকেল কলেজলৈ ৷ উল্লেখ্য যে, চেন্নাইত কৰ্মৰত চানিৰাম কালি আহিছিল ঘৰলৈ ৷ ঘৰলৈ আহিয়েই সংঘটিত কৰিলে এই নাটকীয় পৰিবেশৰ ৷ পাচ ঘন্টাতকৈ অধিক সময় নাটকীয় পৰিবেশৰ সূচনা কৰা চানিৰামৰ বাবেই জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকে আদি কৰি সাধাৰন ৰাইজে ভুগিবলগীয়া হল দুৰ্ভোগ ৷

টাৱাৰত উঠি আত্মহননৰ চেষ্টা

ABOUT THE AUTHOR

...view details