অসম

assam

By

Published : Aug 26, 2020, 8:42 PM IST

ETV Bharat / state

3 হেক্টৰ ভূমিত এহেজাৰৰো অধিক বনৌষধি গছেৰে ভৰা এখন উদ্যান

অহা ২৭ আগষ্টত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সম্ভাৱনা আছে, বিহালী বনাঞ্চলত গঢ় লৈ উঠা এহেজাৰৰো অধিক বনৌষধি গছেৰে ভৰা 3 হেক্টৰ ভূমিৰ উদ্যানখন ৷

এখন উদ্যান
এখন উদ্যান

বিশ্বনাথ, 26 আগষ্ট: শীঘ্ৰেই অসম তথা বিশ্বনাথবাসীয়ে লাভ কৰিব এখন ঔষধি গছেৰে ভৰা উদ্যান ৷ প্ৰায় 3 হেক্টৰ ভূমিত এহেজাৰৰো অধিক বনৌষধি গছেৰে বিহালী বনাঞ্চলত গঢ় লৈ উঠিছে উদ্যানখন ৷ অসম চৰকাৰৰ বন বিভাগৰ দ্বাৰা নিৰ্মাণ হৈ থকা বনৌষধি উদ্যান খন অহা ২৭ আগষ্টত অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সম্ভাৱনা আছে ৷

এহেজাৰৰো অধিক বনৌষধি গছেৰে ভৰা এখন উদ্যান

বন বিভাগৰ সূত্ৰ অনুসৰি অহা ২৭ আগষ্ট বন মন্ত্ৰী গৰাকী বিহালী বনাঞ্চল পৰিদৰ্শন কৰিবলৈ অহা সময়তে উত্তৰ অসমৰ একমাত্ৰ বন ঔষধি উদ্যান খন আনুষ্ঠানিক ভাৱে মুকলি কৰাৰ কথা আছে ৷ ইফালে বনমন্ত্ৰী গৰাকী অহাৰ পূৰ্বে বন বিভাগ কৰ্তৃপক্ষৰ মাজত দেখিবলৈ পোৱা গৈছে অধিক তৎপৰতা ৷ বন বিষয়া স্বৰাজ কদমে জানিবলৈ দিয়া অনুসৰি, উত্তৰ অসমৰ ভিতৰত বিহালী বনাঞ্চলেই একমাত্ৰ এহেজাৰৰো অধিক বনৌষধি গছ-লতাৰে পৰিপূৰ্ণ উদ্যান ৷

3 হেক্টৰ ভূমিত এহেজাৰৰো অধিক বনৌষধি গছেৰে ভৰা এখন উদ্যান

লগতে পঢ়ক:ম'হৰ মৃত্য়ুৱে শংকিত কৰিছে দিখৌমুখৰ পশুপালক সকলক

ABOUT THE AUTHOR

...view details