চতিয়া, ৬আগষ্টঃ এটা ছাগলীক কেন্দ্ৰ কৰি বুধবাৰে নিশা জামুগুৰিহাটৰ ওপৰকুৰী গাঁৱত সংঘটিত এক হত্যাকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ ঘটনাৰ বিৱৰণী অনুসৰি ওপৰকুৰী গাঁৱৰ ড্ৰেইনৰ ওচৰত থকা এখন ছাগলী ফাৰ্মত বুধবাৰে নিশা আন কোনো লোকৰ এটি ছাগলী ফাৰ্মখনত কৰ্মৰত জয় ঘাটোৱালে আনি ৰখাৰ বাবে ফাৰ্মখনৰ লগত জড়িত স্বত্বাধিকাৰী পল্লৱ হাজৰিকা আৰু কেবাগৰাকীও যুৱকে জয় ঘাটোৱালক ছাগলীটোৰ প্ৰসংগত সোধপোচ কৰে ৷
বহি:ৰাজ্যৰপৰা ছাগলী ক্ৰয় কৰি আনি ব্যৱসায় আৰম্ভ কৰা পল্লৱৰ লগতে যুৱককেইজনে ফাৰ্মত কৰ্মৰত জয় ঘাটোৱালক আনৰ ছাগলী আনি ফাৰ্মত কিয় ৰাখিবলগীয়া হ’ল বুলি প্ৰশ্ন কৰাৰ পৰাই কাজিয়াৰ সুত্ৰপাত হয় ৷ পত্নী তথা দুই সন্তান সহিতে ফাৰ্মৰ লগতে বসবাস কৰা জয় ঘাটোৱালৰ পত্নীয়ে অভিযোগ কৰা অনুসৰি স্বামী জয় ঘাটোৱালক তৰ্কাতৰ্কিৰ পিছতেই যুৱককেইজনে প্ৰথমে লাঠিৰে কোবাই আৰু চোকা অস্ত্ৰৰে আঘাত কৰে ৷ পৰৱৰ্তী সময়ত জয় ঘাটোৱালৰ পত্নী এইগৰাকী সীমা ঘাটোৱালে নিশা কোনো লোকৰ সহায় বিচাৰি গৈ কাষৰীয়া বনুৱা চুবুৰীত উপস্থিত হৈ ৰাইজক ঘটনাৰ সবিশেষ বিৱৰি কৈ ৰাইজ সহিতে উভতি আহে জয় ঘাটোৱালৰ মৃতদেহ এডাল গছত ওলমি থকা প্ৰত্যক্ষ কৰে ৷