অসম

assam

ETV Bharat / state

বিশ্বনাথত যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পৰিবহন বিভাগ

বিশ্বনাথত যান বাহন আইন ভংগ আৰু নথিপত্ৰ নথকা,গাড়ী চালকক অনুজ্ঞাপত্ৰ নথকা ব্যক্তিৰ পৰা প্ৰায় ১ লাখ টকাৰ জৰিমনা বিহে পৰিবহন বিভাগে ।

বিশ্বনাথত যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পৰিবহন বিভাগ
বিশ্বনাথত যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পৰিবহন বিভাগ

By

Published : Oct 6, 2020, 7:24 PM IST

বিশ্বনাথ,৬ অক্টোবৰ :বিশ্বনাথত যান বাহন আইন উলংঘাকাৰী সকলৰ বিৰুদ্ধে কঠোৰ পৰিবহন বিভাগ । সোম আৰু মঙলবাৰে বিশ্বনাথ জিলা পৰিবহন বিভাগৰ এটা দলে বিভিন্ন স্থানত অভিযান চলাই যান বাহন আইন ভংগ কৰা লোকৰ বিৰুদ্ধে ২০ টা গোচৰ ৰুজু কৰে । লগতে যান বাহন আইন ভংগ আৰু নথিপত্ৰ নথকা,গাড়ী চালকক অনুজ্ঞাপত্ৰ নথকা ব্যক্তিৰ পৰা প্ৰায় ১ লাখ টকাৰ জৰিমনা বিহে পৰিবহন বিভাগে ।

বিশ্বনাথত যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পৰিবহন বিভাগ

ৰাজীৱ দাসৰ নেতৃত্বত চলোৱা জিলা পৰিবহন বিভাগৰ দলটোৱে বিশ্বনাথ চাৰিআলি,বালিপুখুৰী,বৰগাং আদি অঞ্চলত অভিযান চলাই । আনহাতে,পৰিবহন বিষয়া ৰাজীৱ দাসে জিলা খনত নিয়মীয়াকৈ এই অভিযান অব্যাহত থাকিব বুুলি মন্তব্য কৰিছে ।

বিশ্বনাথত যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পৰিবহন বিভাগ

ABOUT THE AUTHOR

...view details