অসম

assam

ETV Bharat / state

বিশ্বনাথত এটা মৃতদেহক লৈ অসহায় পৰিয়াল - মোনাবাৰী বস্তী

মোনাবাৰী বস্তীৰ ৰাজু শৰ্মাৰ মৃত্যুৰ পিছত সৎকাৰ কৰিবলৈ আগবাঢ়ি নাহিল এজনো গাঁওবাসী, মৃত ব্যক্তিজন কৰ‘ণাত আক্ৰান্ত বুলি সন্দেহ ৷ স্বাস্থ্য বিভাগক খবৰ দিয়াৰ পিছতো 12 ঘন্টাৰ পিছত উপস্থিত হৈ স্বাৱ সংগ্ৰহ কৰিবলৈ বিহালী প্ৰাথমিক চিকিৎসালয় মৰ্গলৈ প্ৰেৰণ ৷

monabari cancer dead body
এটা মৃত দেহক লৈ অসহায় পৰিয়াল

By

Published : May 22, 2020, 5:18 PM IST

বিশ্বনাথ,22মেঃ সমগ্র দেশতে কৰ‘ণাক লৈ আতংকিত হৈ থকাৰ মাজতে বিশ্বনাথতৰ মোনাবাৰীত ঘটিল এক অমানৱীয় ঘটনা ৷ মোনাবাৰী বস্তীৰ ৰাজু শৰ্মা নামৰ ব্যক্তিজন দীৰ্ঘ দিন ধৰি কৰ্কট ৰোগীত আক্ৰান্ত হৈ গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷ চিকিৎসকে তেঁওক ঘৰত থাকিবললৈ পৰাৰ্মশ আগবঢ়াইছিল সেই অনুসৰি চলিত মাহৰ 17মে তাৰিখে ঘৰলৈ উভতি অহাৰ পিছতে স্বাস্থ্যবিভাগে ব্যক্তিজনক হোম কোৱাৰেন্টাইন কৰি থাকিবলৈ কৈছিল ৷ কিন্তু বৃহস্পতিবাৰে স্বাস্থ্যৰ অৱনতি ঘটি ৰাজু শৰ্মাৰ মৃত্যু হয় ৷ ৰাজু শৰ্মাৰ হঠাৎ মৃত্যু হোৱাত গাঁৱবাসীৰ মাজত সন্দেহ হয় ৰাজু শৰ্মাৰ গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ চিকিৎসালয়ৰ পৰা কোভিড-19ত আক্ৰান্ত হৈ আহিছে ৷ ফলত গাঁৱৰ এজনো লোক মৃত ব্যক্তিজনৰ অন্তিম সৎকাৰ কৰিবলৈ ওলাই নাহিল ৷

এটা মৃত দেহক লৈ অসহায় পৰিয়াল

তাকে লৈ মৃত পৰিয়ালটোৰ মাজত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷ পৰিয়ালৰ লোকে ব্যক্তিজন মৃত্যু হোৱাৰ বিষয়ে বিশ্বনাথৰ স্বাস্থ্য বিভাগৰ লগত বাৰে বাৰে যোগাযোগ কৰিছিল যদিও কোনোধৰনৰ সহায় নাপালে ৷ আনহাতে স্বাস্থ্য বিভাগে কেবল কোভিড-19 পৰীক্ষাৰ স্বাৱ সংগ্ৰহৰ বাবে গাড়ী ভাৰা কৰি ৰাজুৰ মৃতদেহটো বিহালীৰ মৰ্গলৈ নিবলৈ কৈয়ে পৰিয়ালয়ক নিজৰ দায়িত্ব সামৰিলে ৷ বিহালী প্ৰাথমিক চিকিৎসালয় মৰ্গলৈ নিবলৈ পৰিয়ালটোৱে নিজাৱবীয়াকৈ ভাৰা গাড়ী বিচাৰিছিল যদিও কৰ‘ণাৰ আতংকৰ বাবে মৃতদেহটো গাড়ীত নিবলৈ অমান্তি হয় গাড়ীৰ মালিক ৷ উপায়ন্তৰ হৈ মৃত ৰাজু শৰ্মাৰ পত্নী, তিনি বছৰীয়া এটি দেৱ শিশু আৰু ৬ বছৰীয়া এটি সন্তানে ঘৰৰ ভিতৰতে ঘন্টা ধৰি ঘন্টা ৰাজুৰ মৃতদেহৰ কাষত বহি কেৱল টুকিলে চকুলো ৷ এই হৃদয় বিদাৰক ঘটনা স্থানীয় ৰাইজে কিছু নিলগৰ পৰা প্ৰত্যক্ষ কৰাৰ বাহিৰে উপাইবিহীন হৈ চাই থাকিল ৷ অবশেষত বাৰম্বাৰ যোগাযোগ কৰাৰ পিছত মৃত্যুৰ 12 ঘন্টাৰ পিছত নিশা 12 বজাত স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ পৰিয়ালৰ পৰা চমজি লয় ৰাজুৰ মৃতদেহটো আৰু লৈ যায় বিহালীৰ মৰ্গলৈ ৷ দিনৰ 12 বজাতে মৃত্যুৰ খবৰ দিয়াৰ পিছতো গাড়ী নথকাৰ অজুহাত দেখুৱাই সময়মতে উপস্থিত নোহোৱা স্বাস্থ্য বিভাগৰ লোক নিশা ১২ বজাতহে গৈ উপস্থিত হয়গৈ দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত ৷ ই পিনে স্ৱাস্থ্য বিভাগে স্ৱাৱ সংগ্ৰহ কৰি পৰীক্ষাৰ ফলাফল নিগেটিভ আহিলে পৰিয়ালৰ লোকক মৃতদেহ পৰিয়ালৰ চমজাই দিব বুলি জানিবলৈ দিয়ে স্ৱাস্থ্য বিভাগে ৷

লগতে পঢ়কঃ বহিঃৰাজ্যৰ পৰা অহা লোকক লৈ সাজু কামৰূপ(গ্ৰাম্য) জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details