অসম

assam

ETV Bharat / state

থলুৱা যুৱকৰ আগবঢ়াই লৈ যোৱা চতিয়াৰ বিধায়কজন - ‘কন্যকা’ নামৰ এটা ব্ৰেণ্ড

চতিয়াত গো-পালন কৰি গাখীৰ উৎপাদনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তোলাৰ বাবেই যুৱকসকলক উৎসাহিত কৰি এক কৰ্মমুখী জীৱন যাতে অতিবাহিত কৰিব পাৰে সেই উদ্দেশ্যৰেই শুকুৰবাৰে বহি:ৰাজ্যৰ পৰা আমদানি কৰি অনা উন্নত প্ৰজাতিৰ গাইগৰু অৰ্পন কৰে বিধায়ক পদ্ম হাজৰিকাৰ ৷

MLA Padma Hazarika gives cow in local boy
থলুৱা যুৱকৰ নিজস্ব স্বাৱলম্বীতাৰ প্ৰচেষ্টাত হাত উজান বিধায়ক পদ্ম হাজৰিকাৰ

By

Published : Feb 22, 2020, 5:33 PM IST

চতিয়া, 22 ফেব্ৰুৱাৰীঃ থলুৱা যুৱকৰ শ্বেত-বিপ্লৱৰ প্ৰচেষ্টাক তৰান্বিত কৰাৰ বাবে সহায়ৰ হাত আগবঢ়ালে বিধায়ক পদ্ম হাজৰিকাই ৷ চতিয়াত গো-পালন কৰি গাখীৰ উৎপাদনৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তোলাৰ বাবেই যুৱকসকলক উৎসাহিত কৰি এক কৰ্মমুখী জীৱন যাতে অতিবাহিত কৰিব পাৰে সেই উদ্দেশ্যৰেই শুকুৰবাৰে বহি:ৰাজ্যৰ পৰা আমদানি কৰি অনা উন্নত প্ৰজাতিৰ গাইগৰু অৰ্পণ কৰে বিধায়কগৰাকীয়ে ৷ ‘কন্যকা’ নামৰ এটা ব্ৰেণ্ডৰ জৰিয়তে গাখীৰৰ উপৰিও মাছ,মাংস,জাতীয় সাজপাৰ,শাক-পাচলিকে ধৰি বজাৰৰ সদা প্ৰয়োজনীয় সকলো ধৰণৰ বস্তুৰে যাতে থলুৱাই দখল কৰিব পাৰে তাৰ আশা প্ৰকাশ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷

থলুৱা যুৱকৰ নিজস্ব স্বাৱলম্বীতাৰ প্ৰচেষ্টাত হাত উজান বিধায়ক পদ্ম হাজৰিকাৰ

নিজস্ব স্বাৱলম্বীতাৰ বলতে থলুৱা যুৱকে যাতে এখোজ আগুৱাই নিজক প্ৰতিষ্ঠিত কৰিব পাৰে তাকেই উৎসাহিত কৰাৰ বাবে বিধায়কগৰাকীয়ে এই গাই গৰু প্ৰদান কৰাৰ কথা উল্লেখ কৰে৷ আনহাতে এনেদৰে বিধায়কে গো-পালনৰ বাবে গাইগৰু প্ৰদান কৰাৰ লৈ স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে গোটসমূহৰ যুৱকসকল ৷ ইয়াৰ জৰিয়তে সদস্যসকলৰ মুখত এক আশাৰ ৰেঙণি দেখিবলৈ পোৱা গৈছে ৷

আৰু পঢ়কঃ2021 ৰ নিৰ্বাচনত কি হ'ব বিজেপিৰ ৰণকৌশল: EXCLUSIVE

ABOUT THE AUTHOR

...view details