বিশ্বনাথ, 16 ছেপ্টেম্বৰ :সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নতুনকৈ গঠন কৰা আঞ্চলিক দল অসম জাতীয় পৰিষদসন্দৰ্ভত অসম চৰকাৰৰ ৰেচম হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী ৰঞ্জিত দত্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ নতুন দল সন্দৰ্ভত তেওঁ কয় যে,অসম জাতীয় পৰিষদে নিৰ্বাচনৰ সময়ত বিজেপিক কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে ৷ আনকি,নৱ গঠিত দলটোৱে 2021 চনৰ নিৰ্বাচনত এখনো আসন লাভ নকৰিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷
অসম জাতীয় পৰিষদে অসমত এখনো আসন লাভ নকৰেঃ ৰঞ্জিত দত্ত
নতুন দল সন্দৰ্ভত অসম চৰকাৰৰ ৰেচম হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া ৷ নতুন দলে নিৰ্বাচনৰ সময়ত বিজেপিক সহায় কৰিব বুলি মন্তব্য প্ৰদান মন্ত্ৰী গৰাকীৰ ৷
অসম জাতীয় পৰিষদে অসমত এখনো আসন লাভ নকৰেঃ ৰঞ্জিত দত্ত
আনহাতে,আগন্তুক নিৰ্বাচনত যদিওবা নতুন দলটোৱে 126 টা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াই তেতিয়া প্ৰতিটো সমষ্টিত মাত্ৰ 700 ৰ পৰা 1500 ভোট লাভ কৰিব বুলি উল্লেখ কৰে ৷ লগতে,নতুন দলৰ বাবে বিজেপি অধিক লাভবান হৈ আগন্তুক নিৰ্বাচনত মিচন 100 সম্পূৰ্ণ কৰি চৰকাৰ গঠন কৰিব বুলিও মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰিছে ৷
লগতে পঢ়ক :যাত্ৰীৰে সৈতে চম্বল নদীত ডুব গ'ল নাও