অসম

assam

ETV Bharat / state

বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ নামঘৰ উদ্ধোধন

কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বিহালীত নামঘৰ উদ্বোধন ৷ দত্তৰ মন্তব্য নামঘৰ বা কীৰ্তন ঘৰৰ পৰাই মানুহৰ মাজত ভাতৃত্ব বোধ মৰম স্নেহেৰে সংস্কাৰ হৈ এখন সুন্দৰ সমাজ গঢ়ি উঠে ৷

By

Published : Sep 10, 2020, 4:08 PM IST

মন্ত্ৰী ৰঞ্জিত দত্তৰ নামঘৰ উদ্ধোধন
মন্ত্ৰী ৰঞ্জিত দত্তৰ নামঘৰ উদ্ধোধন

বিহালী, 9 চেপ্তেম্বৰ: বিহালীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই বুধবাৰে এটা নামঘৰ উদ্বোধন কৰে ৷ বিহালী সমষ্টিৰ বটিয়ামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 6 নং ৱাৰ্ডৰ (বুৰৈগুৰি) শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ মায়ামৰা পুৰণা বৰ নামঘৰৰ স্থানীয় ৰাইজৰ উপস্থিতিত মন্ত্ৰী দত্তই নামঘৰৰ শুভ উন্মোচন কৰে ৷

শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ মায়ামৰা পুৰণা বৰ নামঘৰৰ স্থানীয় ৰাইজৰ উপস্থিতিত মন্ত্ৰী দত্তৰ নামঘৰ উন্মোচন

ভাষন প্ৰসংগত মন্ত্ৰী দত্তই কয় যে সকলোৱে সদায় ঐক্যতাৰে আগবাঢ়িব লাগে আৰু নামঘৰ বা কীৰ্তন ঘৰৰ পৰাই মানুহৰ মাজত ভাতৃত্ব বোধ মৰম স্নেহেৰে সংস্কাৰ হৈ এখন সুন্দৰ সমাজ গঢ়ি উঠে ৷ চৰকাৰে নামঘৰৰ উন্নীতকৰণৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ হাতত লৈছে বুলি দাবী কৰি তেওঁ কয় যে চৰকাৰে অন্যান্য বহু উন্নয়নমূলক আচঁনিৰ লগতে সমগ্ৰ অসমত 8000 টা নামঘৰৰ উন্নীতকৰণৰ বাবে প্ৰতিটো নামঘৰলৈ 2,50000 টকাৰ পুঁজি আগবঢ়াইছে ৷

অনুষ্ঠানত বিজেপি বিহালী মণ্ডলৰ সভাপতি লাচিত বৰা,বতীয়ামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ফুলমনি দাস,আঞ্চলিক সদস্য ধৰণী ৰয়,সচিব মহেন্দ্ৰ উপাধ্যায়, বিহালী বিজেপি মণ্ডলৰ সম্পাদক সুমন শৰ্মা সহ বহু কেইজন গন্যমান্য ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: মন্ত্ৰী ৰঞ্জিৎ দত্তৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

ABOUT THE AUTHOR

...view details