বিশ্বনাথ, ৪ জুন :মথুৰাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকৰে জিলিকল বিশ্বনাথৰ মিনাক্ষী বৰুৱা (Bronze medal in national Arm wrestling competition)। আৰ্থিক দৈন্যৰ বাবে ইজিপ্টত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতালৈ যাব নোৱাৰা বিশ্বনাথৰ পাঞ্জা খেলুৱৈ মীনাক্ষী বৰুৱাই পুনৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰিবলৈ সক্ষম হয় । একালৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গৰাকীক পুনৰ পাঞ্জা খেলিবলৈ ওভতাই আনি এক নিদৰ্শন ডাঙি ধৰিলে বিশ্বনাথৰ পাঞ্জা খেলুৱৈ দেবীনা বৰাই ।
উল্লেখযোগ্য যে, বিশ্বনাথৰ নৰ্থ ইষ্ট ৰয়েল গ্ল'বেল ইংলিছ স্কুলত সহায়িকা হিচাবে কৰ্মৰত মিনাক্ষী বৰুৱাই দেবীনা বৰাৰ অনুপ্ৰেৰণা আৰু বিদ্যালয় কৰ্তৃপক্ষৰ উৎসাহৰ বাবে বিশ্বনাথ জিলা শৰীৰ চৰ্চা কেন্দ্ৰত নিত্য শৰ্মাৰ তত্বাৱধানত কেইদিনমান অনুশীলন কৰে (National Arm wrestling competition at Mathura)।
দেওবাৰে তেওঁ মথুৰাত অনুস্থিত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত (Masters 50 kg category) ব্ৰঞ্জৰ পদক লাভ কৰি বিশ্বনাথলৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছে । খেলুৱৈগৰাকীৰ সাফল্যৰ বাবে নৰ্থ ইষ্ট ৰয়েল গ্ল'বেল ইংলিছ স্কুল কৰ্তৃপক্ষ, বিশ্বনাথ জিলা শৰীৰ চৰ্চা কেন্দ্ৰ আদিকে ধৰি বিশ্বনাথৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰিছে ।
মিনাক্ষী বৰুৱা বিশ্বনাথ জিলাৰ বৰঙাবাৰীৰ জীৱৰী । স্বাধীনতা সংগ্ৰামত শ্বহীদ হোৱা কনকলতা বৰুৱাৰ পৰিয়ালৰ এইগৰাকী খেলুৱৈ এসময়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । পাঞ্জা যেন জীৱনৰ অংগ আছিল খেলুৱৈগৰাকীৰ বাবে । ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছিল খেলুৱৈ গৰাকী । অবিভক্ত শোণিতপুৰ জিলাৰ বহু কেইখন প্ৰতিযোগিতাত খিতাপ আজুৰি আনিছিল তেওঁ । বিশ্বনাথ জিলাৰ শৰীৰ চৰ্চা কেন্দ্ৰৰ প্ৰতিযোগিতাতো অংশ গ্ৰহণ কৰিছিল । ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলতো কৃতিত্ব অৰ্জন কৰিছিল মিনাক্ষীয়ে ।