অসম

assam

ETV Bharat / state

Lock down: অসম-অৰুণাচল সীমান্তত কঠোৰ ৰূপত অৰুণাচল প্ৰশাসন - coronavirus

অসম অৰুণাচল প্ৰদেশৰ সীমান্তৰ হলঙি গেটত অৰুণাচল প্ৰশাসনক অধিক কঠোৰ ৰূপত দেখা গ'ল । অসমৰ পৰা যোৱা প্ৰতি খন মালবাহী গাড়ীত ছেনিটাইজেছন কৰাৰ লগতে প্ৰতিটো ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰে অৰুণাচল প্ৰশাসনে ।

লকডাউন
Lock down: অসম-অৰুণাচল সীমান্তত কঠোৰ ৰূপত অৰুণাচল প্ৰশাসন

By

Published : May 1, 2020, 8:52 PM IST

বিশ্বনাথ, ১ মে': দেশজুৰি অব্যাহত থকা দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ আজি ১৬ দিন । দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ ষষ্ঠটো দিনত অসম অৰুণাচল প্ৰদেশৰ সীমান্তৰ হলঙি গেটত অৰুণাচল প্ৰশাসনক অধিক কঠোৰ ৰূপত দেখা গ'ল । অসমৰ পৰা যোৱা প্ৰতি খন মালবাহী গাড়ীত ছেনিটাইজেছন কৰে অৰুণাচল প্ৰশাসনে ।

Lock down: অসম-অৰুণাচল সীমান্তত কঠোৰ ৰূপত অৰুণাচল প্ৰশাসন

আনহাতে, অৰুণাচলত প্ৰৱেশ কৰাৰ পূৰ্বে যিকোনো ব্যক্তি তথা কৰ্মচাৰীক অৰুণাচল চৰকাৰৰ অনুমতি লৈহে প্ৰৱেশ কৰিব দিয়ে । লগতে অৰুণাচলত প্ৰৱেশ কৰা ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্ততহে ৰাজ্যখনত প্ৰৱেশৰ অনুমতি দিয়ে অৰুণাচল প্ৰশাসনে ।

Lock down: অসম-অৰুণাচল সীমান্তত কঠোৰ ৰূপত অৰুণাচল প্ৰশাসন

উল্লেখ্য যে, অসমৰ তথা অৰুণাচল বাসিন্দাসকলে পূৰ্বে গহপুৰ ৰাজগড় হলেঙি গেটৰ মাজেৰে অৰুণাচলৰ ইটানগৰলৈ যাত্ৰা কৰিছিল যদিও এতিয়া সেই ৰাস্তাৰ সলনি অৰুণাচল চৰকাৰে লক্ষীমপুৰৰ বান্দৰদেৱা হৈ হে অৰুণাচল লৈ প্ৰৱেশ কৰিব পাৰিব বুলি সদৰী কৰে ।

ABOUT THE AUTHOR

...view details