বিশ্বনাথ,৮ জুলাই:ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে অসম । লাহে লাহে অসমৰ যুৱপ্ৰজন্মৰ মাজত গঢ়ি উঠিছে ক্ৰীড়াৰ মানসিকতা । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰা হৈছে ক্ৰীড়া প্ৰশিক্ষণ শিবিৰ । শেহতীয়াকৈ অসমৰ ক্ৰীড়া ক্ষেত্ৰত জনপ্ৰিয়তা লাভ কৰিছে জুডোয়ে । ৩৩ সংখ্যক ৰাজ্যিক জুডো প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি বিশ্বনাথত আয়োজন কৰা হয় জুডো প্ৰশিক্ষণ শিবিৰ ।
৩৩ সংখ্যক ৰাজ্যিক জুডো প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি বিশ্বনাথৰ প্ৰায় ১ শতাধিক জুডো খেলুৱৈৰ মাজত অনুষ্ঠিত বিশেষ জুডো প্ৰশিক্ষণৰ সফল সামৰণি পৰে শুকুৰবাৰে । বিশ্বনাথৰ ৰাষ্ট্ৰীয় বিদ্যালয়ত অনুষ্ঠিত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই বিশেষ প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানটি ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল ।
এই বিশেষ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে উপস্থিত আছিল অৰুণাচল প্ৰদেশৰ প্ৰশিক্ষক অঞ্জলি ছাগ্ৰো আৰু ৰাষ্ট্ৰীয় খেলুৱৈ কবি দয়মক । সামৰণি অনুষ্ঠানত তেওঁলোকৰ সহযোগিতাৰ বাবে চেম্পিয়ন মেকাৰ একাডেমীৰ তৰফৰ পৰা প্ৰশিক্ষক অঞ্জলি ছাগ্ৰো আৰু কবি দয়মক স্মাৰক, মানপত্ৰ আৰু গামোচাৰে সম্মান জনোৱাৰ লগতে উপস্থিত ছাত্ৰ-ছাত্ৰীয়েও উষ্ম আদৰণী জনাই ।
বিশ্বনাথত জুডো প্ৰশিক্ষণ শিবিৰৰ সামৰণি এই সামৰণী অনুষ্ঠানত উপস্থিত থাকি চেম্পিয়ন মেকাৰ একাডেমীৰ উপদেষ্টা তথা বিশ্বনাথৰ বিশিষ্ট সমাজকৰ্মী নিৰঞ্জ্ন হাজৰিকা আৰু অজিত দাসে প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি প্ৰদান কৰা শুভেচ্ছামূলক বক্তব্যই খেলুৱৈসকলক উৎসাহিত কৰি তোলে । বিশ্বনাথ চাৰিআলি প্ৰেছক্লাবৰ সভাপতি পুলক হাজৰিকা আৰু বিশ্বনাথ জিলা জুডো সন্থাৰ সভাপতি আমিৰ খানে বিশ্বনাথত এনেধৰণৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি স্থানীয় জুডো খেলুৱৈ সকলক আগবঢ়াই দিয়াৰ প্ৰয়াসৰ বাবে অসম জুডো সন্থাৰ সভাপতি বাণীব্ৰত দাস আৰু উপ-সভাপতি হ্নদয়ানন্দ দাসৰ শলাগ লয় ।
সামৰণি অনুষ্ঠান উপস্থিত থাকে ৩৩ সংখ্যক অসম ৰাজ্যিক জুডো প্ৰতিযোগিতাৰ আদৰণী সমিতিৰ যুটীয়া সম্পাদক অঞ্জন বৰা, সহকাৰী সম্পাদক আব্দুল কালাম, প্ৰণৱ কলিতা, চম্পক হাজৰিকাকে ধৰি আদৰণী সমিতিৰ বিষয়ববীয়া আৰু অভিভাৱকসকল । এনে প্ৰশিক্ষণ শিবিৰে অসমৰ উঠি অহা প্ৰজন্মৰ মাজত ক্ৰীড়াৰ মানসিকতা যথেষ্ট বৃদ্ধি কৰিব বুলি আশাবাদী বিশ্বনাথৰ চেম্পিয়ন মেকাৰ একাডেমীৰ কৰ্মকৰ্তাসকল ।
লগতে পঢ়ক:Former AGP minister Thaneswar Boro is hospitalized: প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ অৱনতি