অসম

assam

ETV Bharat / state

পীৰাৰে প্ৰহাৰ কৰি পত্নীক হত্যা স্বামীৰ

নিষ্ঠুৰ স্বামীয়ে হত্যা কৰি সম্পূৰ্ণ এনিশা পত্নীৰ মৃতদেহ ঘৰতে লুকুৱাই ৰখা ঘটনা পোহৰলৈ অহাৰ পিছত বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যোগেশ্বৰ কালান্দি নামৰ পত্নী হত্যাকাৰীজনক ৷ উল্লেখ্য যে মঙলবাৰে সুৰামত্ত যোগেশ্বৰ কালান্দিয়ে  ঘৰুৱা কোনো কথালৈ পত্নীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈ পত্নীক পীৰাৰে মূৰত প্ৰহাৰ কৰে ৷ ইয়াৰোপৰি পত্নীক চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে নিজ গৃহতেই ৰাখি থোৱাৰ ফলত বুধবাৰে মৃত্যুক সাবতি লয় ৰীনা কালান্দিয়ে ৷

পীৰাৰে প্ৰহাৰ কৰি পত্নীক হত্যা স্বামীৰ

By

Published : Sep 13, 2019, 5:52 AM IST

চতিয়া ,১২ চেপ্তেম্বৰঃঅৱশেষত স্থানীয় ৰাইজৰ সহযোগত পোহৰলৈ আহিল শোণিতপুৰৰৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ মৰিসুতিত সংঘটিত নৃশংস হত্যাকাণ্ডৰ সত্যতা ৷ নিষ্ঠুৰ স্বামীয়ে হত্যা কৰি সম্পূৰ্ণ এনিশা পত্নীৰ মৃতদেহ ঘৰতে লুকুৱাই ৰখা ঘটনা পোহৰলৈ অহাৰ পিছত বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যোগেশ্বৰ কালান্দি নামৰ পত্নী হত্যাকাৰীজনক ৷ উল্লেখ্য যে মঙলবাৰে সুৰামত্ত যোগেশ্বৰ কালান্দিয়ে ঘৰুৱা কোনো কথালৈ পত্নীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈ পত্নীক পীৰাৰে মূৰত প্ৰহাৰ কৰে ৷ ইয়াৰোপৰি পত্নীক চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে নিজ গৃহতেই ৰাখি থোৱাৰ ফলত বুধবাৰে মৃত্যুক সাবতি লয় ৰীনা কালান্দিয়ে ৷ আনহাতে এই ঘটনা গাপ দি ৰখাৰ চেষ্টাত স্বামীয়ে ঘৰৰ ভিতৰতে মৃতদেহ ৰাখি পৰৱৰ্তী সময়ত গাঁত খান্দি পুতি থোৱাৰ পৰিকল্পনা কৰে যদিও স্থানীয় গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ ইতিমধ্যে পত্নী হত্যাকাৰী যোগেশ্বৰ কালান্দিয়ে সমগ্ৰ ঘটনা আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰে ৷

পীৰাৰে প্ৰহাৰ কৰি পত্নীক হত্যা স্বামীৰ

ABOUT THE AUTHOR

...view details