বিশ্বনাথ,১৫জুন : ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে চোৰাং চিকাৰীৰ সংখ্যা ৷ বন বিভাগে ধাৰাবাহিক ভাৱে চলোৱা অভিযানত জালত পৰিছে ইটোৰ পাছত সিটোকৈ চোৰাং চিকাৰী ।বন বিভাগৰ হাতত থকা তথ্য অনুসৰি ২০১৬ চনৰ পৰা 2018 বৰ্ষ পৰ্যন্ত নৰ্ডান ৰেঞ্জে ১৩৫ টাৰো ও অধিক চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে, বন বিভাগৰ তৎপৰতাৰ বাবেই ১৫ টা গড় চোৰাং চিকাৰীৰ হত্যাৰ পৰিকল্পনাৰ পৰা ৰক্ষা পৰাৰ লগতে ১৫ টাৰো অধিক গড় হত্য়াত ব্যৱহাৰ কৰা বন্দুক, ১৬৬ টা বিক্ৰী কৰিবলৈ লুকুৱাই ৰখা গড়খড়, ১৪ লাখ ৩২ হাজাৰ নগত ধন উদ্ধাৰ কৰাৰ ওপৰিও চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা ১৫ খনৰ অধিক মটচাইকেল, ৪ খন নাও, ৪ খন বাঘৰ চালত গড়ৰ বিষ খোৱাই হত্যা কৰা ঔষধ আদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
চোৰাং চিকাৰীৰ বিৰুদ্ধে কেনেদৰে অভিযান চলায় বন বিভাগে ? - সাক্ষাৎকাৰ
ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে সাক্ষাৎকাৰ অপৰাধ অনুসন্ধান বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাৰ
ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে প্ৰাঞ্জল বৰুৱাৰ সাক্ষাৎকাৰ
শুকুৰবাৰে নিশাও বিশ্বনাথত দুটা ৰাইফল সহ কৰায়ত্ত কৰা হয় দুটা চোৰাং চিকাৰী । অপৰাধ অনুসন্ধান বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত চলোৱা অভিযানত জালত পৰে চোৰাং চিকাৰীকেইটা । শনিবাৰে বিষয়াজনৰ সৈতে ইটিভি ভাৰতৰ সাংবাদিকৰ হয় এক আছুতীয়া সাক্ষাৎকাৰ । সাংবাদিকৰ আগত বিষয়াজনে অভিযান সম্পৰ্কত জানিবলৈ দিলে বহু তথ্য..
Last Updated : Jun 15, 2019, 10:59 PM IST