বিশ্বনাথ, 22 মে’:বিশ্বনাথ মহকুমা আদালতক পূৰ্ণাংগ পৰ্যায়ৰ মুখ্য ন্যায়িক দণ্ডাধীশ আৰু জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতলৈ উন্নীত কৰা হয়(Inauguration of Full Fledged District Judiciary) ৷ শনিবাৰে বিশ্বনাথ মহকুমা আদালতক পূৰ্ণাংগ পৰ্যায়ৰ মুখ্য ন্যায়িক দণ্ডাধীশ আৰু জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত উন্নীত কৰে গুৱাহাটী উচ্চ জিলা ন্যায়ালয়ৰ (Gauhati High Court) বিচাৰপতি অজিৎ বৰঠাকুৰে (Justice Ajit Borthakur) ।
অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika) । অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী হাজৰিকাই ‘‘এতিয়া জিলাবাসীৰ বহু সুবিধা হ'ব, বহু সমস্যা সমাধান হ'ব জনসাধাৰণৰ’’ বুলি মন্তব্য কৰে ৷ তেওঁ ন্যায়ালয়ে ন্যায় ব্যৱস্থাক ক্ষীপ্ৰতৰ কৰি তুলিব আৰু ইয়াৰ ফলত জিলাখনৰ ভুক্তভোগী পৰিয়াল বহু উপকৃত হ'ব বুলি উল্লেখ কৰে ।
এই কাৰ্যসূচীত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক নবীন সিং, শোণিতপুৰ জিলাৰ ন্যায়াধীশ চত্ৰ ভূষণ গগৈ , বিশ্বনাথ বাৰ এছ’চিয়েশ্যনৰ সভাপতি বকুল আজাদ তেজপুৰ বাৰ এছ’চিয়েশ্যনৰ সভাপতি জামিনি বৈশ্য তথা বিশিষ্ট অধিবক্তাসকল উপস্থিত থাকে ।