অসম

assam

6th National Nutrition Month:বিশ্বনাথ জিলাত ৬ষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভ উদ্বোধন

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 3:57 PM IST

জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত, জিলা প্ৰশাসনৰ সহযোগত ৬ষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভ উদ্বোধন ৷

6th National Nutrition Month
পোষণ মাহৰ শুভ উদ্বোধন

বিশ্বনাথ, 9 ছেপ্টেম্বৰ :বিশ্বনাথ জিলাৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত শুকুৰবাৰে বিয়লি জিলা ভিত্তিত ৰাষ্ট্ৰীয় পোষণ মাহৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় । বিশ্বনাথৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত অনুষ্ঠিত অনুষ্ঠানটি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত তথা বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ নেহা যাদৱে ।

পোষণ মাহৰ শুভ উদ্বোধন

বিশ্বনাথ প্ৰশাসন, জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ বিষয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত এইবাৰৰ ৬ষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহৰ বিষয়বস্তু হৈছে "সুপোষিত ভাৰত, শিক্ষিত ভাৰত, শক্তিশালী ভাৰত"। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ যোগেন চন্দ্ৰ বেই এনিমিয়া, মাতৃ দুগ্ধ পান, অতিৰিক্ত খাদ্য প্ৰদান আদিৰ বিষয়ে বক্তব্য দাঙি ধৰে । ইয়াৰোপৰি মহকুমা কৃষি বিষয়া প্ৰদীপ তালুকদাৰ, ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক লক্ষীৰাম বসুমতাৰী, আয়ুসৰ যোগা প্ৰশিক্ষক শিৱ প্ৰসাদ শইকীয়া, মহকুমা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ দুৰ্গা কটেল আদিয়ে নাতিদীৰ্ঘ বক্তব্য দাঙি ধৰে ।

পোষণ মাহৰ শুভ উদ্বোধন
পোষণ মাহৰ শুভ উদ্বোধন

শুকুৰবাৰৰ এই বিশেষ অনুষ্ঠানটিত বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত তথা বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ নেহা যাদৱৰ উপৰিও সহকাৰী আয়ুক্তদ্বয় সৃষ্টি কলিতা আৰু বিচিত্ৰা দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগ বিশ্বনাথ চাৰিআলি সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰবীণ কুমাৰ সন্দিকৈ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আচঁনি প্ৰৱন্ধক হৰেন গগৈ, জিলা সমাজ কল্যাণ বিষয়া মইনুল হক চৌধুৰী, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, বিহালী, মীন উন্নয়ন বিষয়া, বিশ্বনাথৰ খণ্ড উন্নয়ন বিষয়া, শিশু উন্নয়ন প্ৰকল্প বিষয়া, পৰিদৰ্শিকা, জিলা আৰু খণ্ড পৰ্য্যায়ৰ পোষণ দল, বিশ্বনাথৰ ডিএইচইডব্লিউৰ দল, বেচৰকাৰী সংগঠন চেষ্টা, অংগনৱাড়ী কৰ্মী আৰু ওৱান ষ্টপ চেন্টাৰৰ সখী প্ৰমুখ্যে বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল ।

লগতে পঢ়ক :Child protection campaign : বিশ্বনাথত সামৰণি পৰিল শিশু সুৰক্ষা সম্বন্ধীয় প্ৰচাৰ অভিযানৰ

ABOUT THE AUTHOR

...view details