অসম

assam

By

Published : May 6, 2020, 8:25 PM IST

ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুটখা ব্যৱসায়ীৰ বিৰুদ্ধে তৎপৰ প্ৰশাসন

লক্ ডাউনৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ পৰিমানৰ গুটখা জাতীয় সামগ্ৰী জব্দ ৷ একাংশ অসাধু ব্যৱসায়ীয়ে বিক্ৰী নিষিদ্ধ কৰাৰ পিছতো গুটখা বিক্ৰী কৰি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Illegal sale of  chewing tobacco to be checked
গুটখা ব্যৱসায়ীৰ বিৰুদ্ধে তৎপৰ প্ৰশাসন

বিশ্বনাথ\ধুবুৰী, 6 মে' : তৃতীয় পৰ্যায়ৰ লক্ ডাউন অব্যাহত থকাৰ সময়তে বুধবাৰে বিশ্বনাথত বৃহৎ পৰিমানৰ গুটখা জব্দ কৰা হয় ৷ বিশ্বনাথৰ অমৃত ৰাজ নামৰ ব্যৱসায়ী জনৰ পৰা জব্দ কৰা হয় নিষিদ্ধ গুটখাখিনি ৷ বিক্ৰী কৰিবলৈ নি থকাৰ সময়তে স্থানীয় সচেতন লোকে AS 25 DC 1483 নম্বৰৰ বাহনৰ পৰা জব্দ কৰি গাড়ী সহ সামগ্ৰীখিনি চমজাই দিয়ে বিশ্বনাথ আৰক্ষীক ৷

গুটখা ব্যৱসায়ীৰ বিৰুদ্ধে তৎপৰ প্ৰশাসন

আৰক্ষীয়ে জনোৱা অনুসৰি জব্দ কৰা সামগ্ৰীখিনিৰ মূল্য প্ৰায় 5 লাখ টকা ৷ লক্ ডাউনৰ সময়ত বিশ্বনাথত জিলা প্ৰশাসনে গুটখা বিক্ৰী নিষিদ্ধ কৰাৰ পিছত বৃহৎ পৰিমানৰ গুটখা জব্দ কৰাক লৈ অঞ্চলটোৰ সচেতন মহলৰ মাজত বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে ৷

আনহাতে, ধুবুৰীতো আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গুটখা জব্দ ৷ একাংশ ব্যৱসায়ীয়ে ঘৰত অস্থায়ী দোকান খুলি এই সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চহৰ খনৰ চাৰি নং ৱাৰ্ডৰ প্ৰবীৰ পাল নামৰ লোকজনৰ ঘৰৰ পৰা জব্দ কৰে বৃহৎ পৰিমানৰ গুটখা ৷

লগতে পঢ়ক : লক্ ডাউনে সলালে নে মানুহৰ স্বভাৱ !

ABOUT THE AUTHOR

...view details