অসম

assam

By

Published : Jun 13, 2019, 9:28 PM IST

ETV Bharat / state

বিশ্বনাথ অসামৰিক চিকিৎসালয়ত অচলাৱস্থা

বিশ্বনাথৰ অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে ৰোগী তথা স্থানীয়লোকৰ অভিযোগ ৷ চিকিৎসালয়খনত উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনীয় দৰৱৰ অভাৱৰ লগতে ৱাৰ্ড, শৌচাগাৰ তথা প্ৰস্ৰাৱগাৰ সমূহ ব্যৱহাৰৰ বাবে অনুপযোগী হোৱাৰো অভিযোগ ৰোগী তথা ৰোগীৰ অভিভাৱকৰ ৷

স্বাস্থ্যবিভাগৰ মৰিশালী সদৃশ এখন অসামৰিক চিকিৎসালয়

বিশ্বনাথ, 13 জুনঃ বিশ্বনাথৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্যবিভাগৰ ফোপোলা স্বৰূপ ৷ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ ৰোগীৰ মাজত ৷ তাৰোপৰি এই উৎকট গৰমৰ সময়তো চিকিৎসালয়খনত নাই পৰ্যাপ্ত পৰিমাণৰ ফেনৰ ব্যৱস্থা ৷ ইপিনে চিকিৎসালয়খনত উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনীয় দৰৱৰ অভাৱ হোৱাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

স্বাস্থ্যবিভাগৰ মৰিশালী সদৃশ এখন অসামৰিক চিকিৎসালয়

কেৱল সেয়াই নহয়, ৰোগীৰ পৰিয়ালৰ অভিযোগ চিকিৎসালয়খনত ব্যৱহাৰৰ বাবে অনুপযোগী ৱাৰ্ড, শৌচাগাৰ তথা প্ৰস্ৰাৱগাৰ ৷ বিশ্বনাথ পৌৰ সভাই নিৰ্মাণ কৰা শৌচগাৰৰ দুৱাৰত মামৰে ধৰিছে আৰু সেই শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ ৰোগীয়ে মূল্য ভৰিবলগীয়া হোৱাত ক্ষোভিত হৈ পৰিছে ৰোগী তথা ৰোগীৰ অভিভাৱক ৷

ABOUT THE AUTHOR

...view details