অসম

assam

ETV Bharat / state

গহপুৰৰ ক'ভিড পৰিস্থিতি বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

মঙলবাৰে গহপুৰত উপস্থিত হৈ হৈ ক'ভিড (covid 19) ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে গহপুৰত ক'ভিডৰ (covid 19) শেহতীয়া পৰিস্থিতি সৰ্ম্পকত চিকিৎসক আৰু প্ৰশাসনৰ লোকৰ সৈতে মত বিনিময় কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । ইয়াৰ সমান্তৰালভাৱে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য কৰ্মী সকলৰ সৈতেও মত বিনিময় কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

গহপুৰৰ ক'ভিড পৰিস্থিতি বুজ ল'লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই
গহপুৰৰ ক'ভিড পৰিস্থিতি বুজ ল'লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই

By

Published : Jun 1, 2021, 8:54 PM IST

বিশ্বনাথ, ১ জুন :মঙলবাৰেগহপুৰত উপস্থিত হয় অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত । কলাবাৰী আৰ্দশ চিকিৎসালয়ৰ ক'ভিড (covid 19) কেয়াৰ চেন্টাৰত উপস্থিত হৈ ক'ভিড (covid 19) ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে গহপুৰত ক'ভিডৰ (covid 19) শেহতীয়া পৰিস্থিতি সৰ্ম্পকত চিকিৎসক আৰু প্ৰশাসনৰ লোকৰ সৈতে মতবিনিময় কৰে ।

গহপুৰৰ ক'ভিড পৰিস্থিতি বুজ ল'লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই

গহপুৰত ক'ভিডৰ (covid 19) দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ছয়দুৱাৰ মহাবিদ্যালয়ত ৫০ খন বিছনাযুক্ত ক'ভিড চেন্টাৰ বুধবাৰে মুকলি হোৱাৰ কথাও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে । তদুপৰি বুধবাৰৰ পৰা বিশেষভাৱে সক্ষম লোক সকলক ঘৰে ঘৰে গৈ ভেকচিন প্ৰদান কৰাৰ কথা উল্লেখ কৰাৰ লগতে তৃতীয় পৰ্যায়ৰ ক'ভিডৰ সৈতে মোকাবিলা কৰিবৰ বাবে শিশু সকলক জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ চিকিৎসালয় সমূহত বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলি মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে ৷

ইফালে মন্ত্ৰী গৰাকীয়ে বিয়লি বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য কৰ্মী সকলৰ সৈতে মত বিনিময় কৰে ৷ বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা খনৰ বিভিন্ন বিষয়া সকলৰ সৈতে এক আলোচনাত মিলিত হয় স্বাস্থ্য মন্ত্ৰী গৰাকী ।

লগতে পঢ়ক: গুৱাহাটীৰ অলিয়ে-গলিয়ে বৰবিহ ড্ৰাগছৰ বেহা

ABOUT THE AUTHOR

...view details