অসম

assam

ETV Bharat / state

গহপুৰত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ

সোমবাৰে গহপুৰত মূল্যবৃদ্ধি (Price Hike)ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ গহপুৰ মহকুমা ছাত্ৰ সন্থা (AASU)ৰ ৷ প্ৰতিবাদকাৰীসকলে যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে ।

By

Published : Aug 10, 2021, 8:24 AM IST

gohpur AASU protest
গহপুৰত আছুৰ প্ৰতিবাদ

বিশ্বনাথ, 10 আগষ্ট :মূল্যবৃদ্ধি (Price Hike)ৰ বিৰুদ্ধে দেশৰ লগতে ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ (Protest) ৷ সোমবাৰে গহপুৰ নগৰৰ মাজ-মজিয়াত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে গহপুৰ মহকুমা ছাত্ৰ সন্থা (AASU)ই ৷ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস, বিদ্যুৎ যোগান নিয়মীয়াকৰণ, পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সন্থাই ৷

গহপুৰত আছুৰ প্ৰতিবাদ

লগতে পঢ়ক :ডিমা হাছাও জিলাত প্ৰথমিক শিক্ষা খণ্ডত ব্যাপক দুৰ্নীতি

দিনৰ 12 বজাৰ পৰা সাব্যস্ত কৰা এই প্ৰতিবাদত আছুৱে প্ৰধানমন্ত্ৰী মুৰ্দাবাদ, মুখ্যমন্ত্ৰী মুৰ্দাবাদ, যোগান মন্ত্ৰী আৰু শক্তি মন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে আছু কৰ্মীসকলে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত গহপুৰ মহকুমা ছাত্ৰ সন্থাই মহকুমাধিপতিৰ জৰিয়তে ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক :শিৱসাগৰত ছহিদ সাংবাদিক কমলা শইকীয়াক স্মৰণ

ইয়াৰ লগতে অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী মুৰ্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ পৰৱৰ্তী সময়ত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে চৰকাৰৰ বিৰুদ্ধে অধিক শক্তিশালী প্ৰতিবাদী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে গহপুৰ আছুৱে ৷

লগতে পঢ়ক :বিলাসীপাৰাত PMAY গৃহ নিৰ্মাণত লুণ্ঠনৰাজৰ অভিযোগ

ABOUT THE AUTHOR

...view details