বিশ্বনাথ, ৯ আগষ্ট: ভয়াৱহ ক'ৰণাৰ বাবে দেশৰ লগতে অসমৰো জনজীৱন হৈ পৰিছে স্তব্ধ । এনে পৰিস্থিতিত বহু লোকে নিজৰ সংস্থাপন হেৰুৱাই কৰ্মহীন হৈ পৰিছে । ফলত আৰ্থিক সমস্যাৰ লগতে কৰ্ম বিমুখ এই লোক সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ।
গহপুৰৰ ১২জনীয়া শিক্ষিত যুৱতীৰ এটা দলে একত্ৰিত হৈ শিক্ষা গ্ৰহণ কৰি অহাৰ লগতে নিৰ্ভয়া নামেৰে এটা কেটাৰিং চাৰ্ভিচৰ গোট খুলি উপাৰ্জন কৰি গৈছিল । শেহতীয়াকৈ মহামাৰী ক'ৰণাৰ বাবে সকলো স্তব্ধ হৈ পৰাত কৰ্মবিমুখ হৈ পৰিল এই কেইগৰাকী যুৱতী । আৰ্থিক ভাৱে পিছপৰা এই কেইগৰাকী শিক্ষিত যুৱতীয়ে কেটাৰিং সেৱাৰ জৰিয়তে পোৱা উপাৰ্জনেৰে চলাই গৈছিল নিজৰ ঘৰখনো ।
স্থানীয় গোটক বিধায়ক উৎপল বৰাৰ আৰ্থিক সাহায্য প্ৰদান এনে সময়ত যুৱতী কেইগৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিল সমষ্টিটোৰ বিধায়ক গৰাকী । দেওবাৰে বিধায়ক উৎপল বৰাই গোটটোৰ আটাই কেইগাকী শিক্ষিত যুৱতীৰ আৰ্থিক সমস্যাৰ লগতে আন আন সমস্যাৰ বুজ লৈ বিধায়ক গৰাকীয়ে বিধায়ক পুঁজিৰ পৰা প্ৰদান কৰিলে এককালিন আৰ্থিক সাহায্য ।
বিধায়ক গৰাকীয়ে বিধায়ক পুঁজিৰ পৰা সূহৃদ আচঁনিৰ জৰিয়তে সমষ্টিটো কৃষ্ণপুৰ আৰু ৰাঙলীয়াল পঞ্চায়তৰ অধীনৰ এই কেটাৰিং গোটটোৰ যুৱতী কেইগৰাকীক চাৰি হেজাৰকৈ সৰ্বমুঠ ৪৮,০০০ টকাৰ একোখনকৈ চেক প্ৰদান কৰে ।
লগতে পঢ়ক :ধুবুৰীত ড্ৰাগছ সৰবৰাহকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ গুলিচালনা