বিশ্বনাথ,23মে': ক’ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰা পাচতেই এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে জন জীৱন ৷ সমগ্ৰ বিশ্বতে ত্ৰাস চলোৱা মহামাৰী কৰ'ণাই অন্ধকাৰ নমাই আনিছে ৰাজ্যৰ কৃষকৰ জীৱনলৈ ৷ চৰকাৰৰ অৰ্ধ লকডাউন,সান্ধ্য আইনৰ দৰে কঠোৰ নিৰ্দেশনাৰ মাজতে কৃষকসকলে অতি কষ্টেৰে কৰা ৰবি শস্যসমূহ পথাৰতেই নষ্ট হৈছে ৷ আন আন ঠাইৰ দৰে বিশ্বনাথতো একেই দৃশ্য অৰ্ধ লকডাউন আৰু সান্ধ্য আইনৰ বাবেই পথাৰতে গেলিবলৈ ধৰিছে কুইন্টলে কুইন্টলে তৰমুজ ৷
বজাৰ নাই : খেতিতে গেলিছে বিঘাই বিঘাই তৰমুজ - কৃষি বিষয়া
সমগ্ৰ বিশ্বতে ত্ৰাস চলোৱা মহামাৰী কৰ'ণাই অন্ধকাৰ নমাই আনিছে ৰাজ্যৰ কৃষকৰ জীৱনলৈ ৷ ক’ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰা পাচতেই এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে জন জীৱন ৷ যাৰ ফলত নিতৌ সলনি হৈছে ৰাজ্যৰ দৃশ্যপট ৷ লকডাউন, অৰ্ধ লকডাউন, সান্ধ্য আইনৰ দৰে কঠোৰ নিৰ্দেশনাৰ মাজতে কৃষকৰ জীৱনলৈ নামি আহিছে অশনি সংকেট ৷ পথাৰতেই নষ্ট হৈছে কৃষকসকলে অতি কষ্টেৰে কৰা ৰবি শস্যসমূহ ৷
বিশ্বনাথ নগৰৰ পৰা প্ৰায় 40 কিঃ মিঃ উত্তৰে অসম-অৰুণাচলৰ সীমামূৰীয়া অতি দুৰ্গম অঞ্চল চুবাইজাৰ গাঁৱৰ দুই শিক্ষিত কৃষক ৰঞ্জন ৰামচিয়াৰী আৰু তেওঁৰ ভাতৃয়ে 10 বিঘা মাটিত ৰোপন কৰা তৰমুজ তেওঁলোকে ভবাৰ দৰেই লহপহকৈ বাঢ়ি অহাৰ লগতে পকিবলৈও ধৰিলে ৷ কিন্তু চৰকাৰী জাৰি কৰা নিৰ্দেশনাই তৰমুজৰ খেতিৰে স্বাৱলম্বী হোৱাৰ আশা পুহি ৰখা দুই ভাতৃৰ আশাত পৰিল চেঁচা পানী ৷ গাঁঠিৰ ধন খৰচ কৰি তৰমুজৰ খেতি কৰি দুই ভাতৃয়ে কৰ'ণাৰ গ্ৰাসত পৰিল ৷ বিশ্বনাথৰ গ্ৰাম সেৱক অৰ্থাৎ কৃষি বিষয়াৰ পৰা কোনো সঁহাৰি লাভ নকৰা দুই ভাতৃয়ে এই ভয়াৱহ সময়চোৱাত ৰাজ্যৰ ক্ষুদ্ৰ কৃষক সকলক সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক:প্ৰকৃতি সংৰক্ষণ কৰক, উজানত উঠা মাছ নামাৰিব: বকুল গগৈ