বিশ্বনাথ, 21 জুলাই : ৰাজ্যৰ অন্যান্য স্থানৰ লগতে বিশ্বনাথ জিলাৰ 80% ক্ষুদ্ৰ চাহ খেতিয়কে দেশৰ অৰ্থনীতিলৈ অবদান আগবঢ়াই আহিছে । জিলা খনত ক্ষুদ্ৰ চাহ খেতিৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে ৩০ হেজাৰৰো অধিক লোক ৷ কিন্তু এই চাহ খেতিয়ক সকলে চলিত বৰ্ষৰ জুন মাহৰ পৰা কেঁচা পাতৰ প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈ অহা বুলি অভিযোগ কৰিছে বিশ্বনাথ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু বিহালী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি আৰু সম্পাদকে ।
অভিযোগ অনুসৰি, চলিত বৰ্ষৰ মে' মাহত কেঁচা পাতৰ উৎপাদন কম থকা অৱস্থাতে প্ৰতি কেজিত ৩৭ টকালৈকে লাভ কৰিছিল ৷ কিন্তু জুন মাহত কেঁচা পাতৰ উৎপাদন বৃদ্ধিৰ লগে লগে কেঁচা পাতৰ মূল্য ধাৰাবাহিকভাৱে কম হ'বলৈ ধৰে । জুলাই মাহত কেঁচা পাতৰ মূল্য ১৭ টকালৈ হ্ৰাস পায় ।
যাৰ পৰিপ্ৰেক্ষিতত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে ।
বিশ্বনাথ আঞ্চলিক ক্ষুদ্ৰ আঞ্চলিক চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাজীৱ শইকীয়া আৰু বিহালী ক্ষুদ্ৰ আঞ্চলিক চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাতুল দাসে প্ৰকাশ কৰা অনুসৰি, বিগত জুন মাহত বিশ্বনাথৰ উপায়ুক্তৰ উপস্থিত হৈ টি-মনিটৰিং কমিটিৰ (Tea Monitoring bord) সৈতে হোৱা আলোচনাত সৰ্বসন্মতি ক্ৰমে ২৮.৭২ নিৰ্ধাৰণ কৰাৰ পিছতে বট লিফ ফেক্টৰী সমূহে চাহৰ মূল্য হ্ৰাস কৰে ৷ ইফালে নিৰ্ধাৰণ কৰি দিয়া মূল্য আজিও কৃষকক দিয়া নাই কলঘৰৰ স্বতাধিকাৰী সকলে । যাৰ বাবে উচিত মূল্যৰ পৰা বঞ্চিত হৈছে চাহ খেতিয়কক ।
আন্দোলনৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ আনহাতে, এই মূল্য প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ বিষয়টো অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত জিলা উপায়ুক্তক অৱগত কৰা হৈছিল ৷ কিন্তু কোনো এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কল ঘৰৰ মালিকৰ বিৰুদ্ধে । সেয়ে পুনৰ চাহ খেতিয়ক উচিত মূল্য দাবীত মঙলবাৰে বিশ্বনাথ আঞ্চলিক আৰু বিহালী আঞ্চলিক কমিটিৰ এটা সঁজাতি দল উপস্থিত হয় বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত ।
বিশ্বনাথ আঞ্চলিক আৰু বিহালী আঞ্চলিক কমিটিৰ দলটোৱে উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা সৈতে এক আলোচনাত মিলিত হয় আৰু সমগ্ৰ বিষয় সন্দৰ্ভত উপায়ুক্ত গৰাকীক অৱগত কৰে ৷ আনহাতে, এই প্ৰাপ্য দাবীত আগন্তুক ২৬ জুলাই পৰা অনিদিষ্টলৈকে জিলা খনৰ কেঁচা চাহপাত তোলা বন্ধৰ এক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা বুলি লিখিতভাৱে অৱগত কৰে উপায়ুক্তক ।
লগতে পঢ়ক:পঞ্চায়তে নিৰ্মাণ কৰা আঁচনিয়ে উদঙালে জলসিঞ্চন বিভাগৰ ফোঁপোলা স্বৰূপ