অসম

assam

ETV Bharat / state

বিহালীত ১২কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ - raid against illegal liqueur

বিহালীত অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে আৱকাৰী বিভাগৰ অভিযান । এই অভিযানত জব্দ হয় ১২ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা । বিশ্বনাথৰ আৱকাৰী বিভাগৰ বিহালী আৰু বিশ্বনাথ চাৰ্ক'লৰ পৰা যোৱা অভিযানকাৰী দলটোৱে জিনজিয়া, ৰতোৱা, বৰঝাৰণি আদিকে ধৰি বহুকেইটা অঞ্চলত চলাইছিল অভিযান ।

excise-seized-illegal-liqueur-of-arunachal-at-bihali
বিহালীত আৱকাৰী বিভাগৰ অভিযানত ১২কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ

By

Published : Jul 9, 2020, 1:10 AM IST

বিশ্বনাথ,৮ জুলাই: বিশ্বনাথ জিলাৰ বিহালী আৰু বিশ্বনাথ চাৰ্ক'লৰ আৱকাৰী বিভাগৰ যৌথ অভিযান । এগৰাকী উপ-পৰিদৰ্শকৰ নেতৃত্বত বুধবাৰে বিহালী জিনজিয়া এলেকাৰ বহুকেইখন গাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে চলিল এই অভিযান । আৱকাৰী বিভাগৰ অভিযান কালত ১২ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ হয় যদিও পলায়ন কৰে দুই সুৰা ব্যৱসায়ী ।

অভিযানৰ উমান পাই সুৰা ব্যৱসায়ী কালু লামা (বৰঝাৰণি) আৰু জিনজিয়া চেণ্টাৰৰ তৰুন কুণ্ডী নামৰ সুৰাৰ অবৈধ ব্যৱসায়ী দুজনে পলায়ন কৰিবলৈ সক্ষম হয় । বিশ্বনাথৰ আৱকাৰী বিভাগৰ বিহালী আৰু বিশ্বনাথ চাৰ্ক'লৰ পৰা যোৱা অভিযানকাৰী দলটোৱে জিনজিয়া, ৰতোৱা, বৰঝাৰণি আদিকে ধৰি বহুকেইটা অঞ্চলত চলাইছিল অভিযান ।

উল্লেখ্য যে, জিলাখনৰ বিহালী জিনজিয়া এলেকাৰ আলিয়ে গলিয়ে মুকলিকৈ চলি থকা অবৈধ অৰুণাচলী সুৰাৰ বিক্ৰীৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে পূৰ্বৰে পৰা আৱকাৰী বিভাগক অভিযোগ দি আহিছিল ।

লগতে পঢ়ক :মহানগৰীৰ বজাৰে-বজাৰে যোগান মন্ত্ৰীৰ তহল..

ABOUT THE AUTHOR

...view details