অসম

assam

Unknown disease at Bihali: অন্ধবিশ্বাসেই কাল হ’ল ভিমদংগা গাঁৱৰ তিনি যুৱতীৰ বাবে : স্বাস্থ্য বিষয়া

By

Published : May 15, 2023, 10:25 PM IST

অন্ধবিশ্বাসেই কাল হ’ল ভিমদংগা গাঁৱৰ তিনিগৰাকী যুৱতীৰ বাবে ৷ কোনো অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা নাছিল বিহালী ভিমদংগা গাঁৱৰ তিনিগৰাকী যুৱতীৰ (Behali unknown disease news) ৷ এই মন্তব্য বিশ্বনাথ মহকুমা স্বাস্থ্য বিষয়া দীপক বিশ্বাসীৰ (Doctor comment on Behali unknown disease news)৷

Unknown disease at Bihali
চিকিৎসকৰ পৰিৱৰ্তে বেজ বেজালি কৰাৰ বাবেহে মৃত্যু মুখত পৰিছিল তিনি যুৱতী

চিকিৎসকৰ পৰিৱৰ্তে বেজ বেজালি কৰাৰ বাবেহে মৃত্যু মুখত পৰিছিল তিনি যুৱতী

বিশ্বনাথ, ১৫ মে’ :অন্ধ বিশ্বাসৰ বাবেই মৃত্যু হৈছিল বিহালীৰ ভিমদংগা গাঁৱৰ তিনি যুৱতীৰ । চিকিৎসকৰ পৰিৱৰ্তে বেজ বেজালি কৰাৰ বাবেহে মৃত্যু মুখত পৰিছিল তিনি যুৱতী । বিহালীত অচিন ৰোগত মৃত্যু হোৱা তিনি যুৱতীৰ সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য কৰে বিশ্বনাথ মহকুমা স্বাস্থ্য বিষয়া দীপক বিশ্বাসীয়ে (Behali unknown disease news)।

বিশ্বনাথ মহকুমা স্বাস্থ্য বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, সাধাৰণ মাজু আই ওলাইছিল মৃত তিনিগৰাকী যুৱতীৰ দেহত (Three young women die of illness) ৷ কিন্তু চিকিৎসকৰ কাষ চপাৰ বিপৰীতে মৃত যুৱতীকেইগৰাকীৰ পৰিয়ালৰ লোকে শৰণাপন্ন হৈছিল বেজৰহে ৷ ফলত যুৱতী তিনিগৰাকীৰ স্বাস্থ্য উন্নত হোৱাৰ বিপৰীতে লাহে লাহে অৱনতিহে হ’বলৈ ধৰে ৷ বেজালিৰ বিপৰীতে প্ৰথমেই চিকিৎসকৰ কাষ চপা হ’লে সম্ভৱত যুৱতীকেইগৰাকীৰ মৃত্যু নহ’ল হয় বুলি মন্তব্য কৰিছে বিশ্বনাথ মহকুমা স্বাস্থ্য বিষয়া দীপক বিশ্বাসীয়ে ৷

লগতে পঢ়ক :Mangaldoi unknown disease news: অচিন ৰোগত আক্ৰান্ত হৈছে মঙলদৈৰ আলাগঝাৰী গাঁৱৰ শিশুসকল

তেওঁ আৰু কয় যে যুৱতীকেইগৰাকীৰ মৃত্যুৰ পাচত মৃতকৰ ঘৰত স্বাস্থ্য বিভাগৰ লোক উপস্থিত হোৱা সময়তো স্বাস্থ্য বিভাগৰ লোকক ঘৰত সোমোৱাত বাধা প্ৰদান কৰিছিল ৷ অৱশ্যে পৰৱৰ্তী পৰ্যায়ত স্বাস্থ্য বিভাগৰ দলৰ প্ৰতিজন লোকৰ দেহত পানী চতিয়াই বহু সময়ৰ অন্ততহে ঘৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিছিল ভুক্তভোগী পৰিয়ালে । সেই সময়তো ভুক্তভোগী পৰিয়াল পূজা অৰ্চনা কৰাত ব্যস্ত আছিল বুলি মত প্ৰকাশ কৰে স্বাস্থ্য বিষয়াগৰাকীয়ে ।

স্বাস্থ্য বিষয়াগৰাকীয়ে জনোৱা অনুসৰি ইতিমধ্যে এই ৰোগ আৰু অন্ধ বিশ্বাসৰ বিৰুদ্ধে বিহালীত সজাগতা অনুষ্ঠান আৰম্ভ কৰা হৈছে ৷ লগতে এনে ৰোগ দেখা দিলে প্ৰথমে চিকিৎসালয়ত আহিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিষয়াগৰাকীয়ে । এনে ৰোগৰ লগত যুঁজ দিবলৈ স্বাস্থ্য বিভাগে চিকিৎসালয়তে পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা ব্যৱস্থা আছে বুলি জানিবলৈ দিয়ে বিশ্বনাথ মহকুমা স্বাস্থ্য বিষয়া দীপক বিশ্বাসীয়ে ।

লগতে পঢ়ক :Unknown disease at Bihali: অচিন ৰোগে অমানিশা নমাই আনিছে এটা পৰিয়াললৈ

ABOUT THE AUTHOR

...view details