বিশ্বনাথ ৯ অক্টোবৰ:এজন যুৱকৰ প্ৰচেষ্টাত মেৰামতি হ'ল বিশ্বনাথৰ লেহুগাঁও গাঁও পঞ্চায়তৰ প্ৰতিনিধিয়ে গুৰুত্ব নিদিয়া এটা অতি গুৰুত্বপূৰ্ণ পথ ৷ উৎপল জ্যোতি দাধৰা নামৰ যুৱক জনৰ ব্যক্তিগত প্ৰচেষ্টাত ২০০ মিটাৰ দৈৰ্ঘৰ লেহুগাঁও-নগাঁও সংযোগী পথটো মেৰামতি হোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ কিয়নো দীৰ্ঘদিনৰ পৰাই জৰাজীৰ্ণ অৱস্থাত পৰি আছিল পথটো ৷ যাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছিল স্থানীয় ৰাইজ ৷ পঞ্চায়ত প্ৰতিনিধিৰ লগতে স্থানীয় বিধায়কৰ দৃষ্টি বহিৰ্ভূত পথটি নিৰ্মাণ কৰি ৰাইজৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে উৎপল জ্যোতি দাধৰা নামৰ যুৱকগৰাকীয়ে ৷
এজন যুৱকৰ প্ৰচেষ্টাত বিশ্বনাথত সুচল হ'ল জৰাজীৰ্ণ পথ - বিশ্বনাথ
উৎপল জ্যোতি দাধৰা নামৰ যুৱক এজনৰ ব্যক্তিগত প্ৰচেষ্টাত সুচল হ'ল বিশ্বনাথৰ লেহুগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা পথ ৷ যাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
এজন যুৱকৰ প্ৰচেষ্টাত বিশ্বনাথত সুচল হ'ল জৰাজীৰ্ণ পথ