অসম

assam

By

Published : Jun 13, 2020, 4:53 AM IST

ETV Bharat / state

বিশ্বনাথৰ চন্দ্ৰভেটী অঞ্চলক কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

বিশ্বনাথ জিলা দণ্ডাধীশে অসম COVID-১৯ নিয়মাৱলী, ২০২০ৰ অধীনত জাৰি কৰা আদেশ অনুসৰি এই নিয়ন্ত্ৰিত এলেকাৰ চাৰিসীমা হৈছে- উত্তৰে শ্যাম ছেত্ৰীৰ বাসগৃহ, দক্ষিণে তেজ বাহাদুৰ কটোৱালৰ বাসগৃহ, পূব আৰু পশ্চিমে চন্দ্ৰভেটী গাঁৱৰ গাৱলীয়া পথ। এই আদেশ ১১ জুনৰ পুৱা ১০ বজাৰ পৰা কাৰ্য্যকৰী হৈছে ৷

বিশ্বনাথৰ চন্দ্ৰভেটী অঞ্চলক কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ
বিশ্বনাথৰ চন্দ্ৰভেটী অঞ্চলক কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

বিশ্বনাথ, 13 জুনঃবিশ্বনাথ জিলাৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত চন্দ্ৰভেটী গাঁও নিবাসী কৃষ্ণ কটোৱাল নামৰ ১৮ বছৰীয়া যুৱক এজন COVID-১৯ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পাছত জিলাখনত COVID-১৯ৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত জিলা প্ৰশাসনে সমগ্ৰ এলেকাটোক তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্ৰ এলেকাটো ছীল কৰিছে ৷

বিশ্বনাথ জিলা দণ্ডাধীশে অসম COVID-১৯ নিয়মাৱলী ২০২০ৰ অধীনত জাৰি কৰা আদেশ অনুসৰি এই নিয়ন্ত্ৰিত এলেকাৰ চাৰিসীমা হৈছে- উত্তৰে শ্যাম ছেত্ৰীৰ বাসগৃহ, দক্ষিণে তেজ বাহাদুৰ কটোৱালৰ বাসগৃহ, পূব আৰু পশ্চিমে চন্দ্ৰভেটী গাঁৱৰ গাৱলীয়া পথ। এই আদেশ ১১ জুনৰ পুৱা ১০ বজাৰ পৰা কাৰ্য্যকৰী হৈছে ৷

চন্দ্ৰভেটী অঞ্চলক কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

উল্লেখ্য যে, আদেশ অনুসৰি এই নিয়ন্ত্ৰিত এলেকাত প্ৰশাসনৰ অনুমতি অবিহনে যিকোনো লোকৰ প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰাৰ লগতে কোনো লোকৰ আৰু যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । এই সময়ছোৱাত এই নিয়ন্ত্ৰিত এলেকাত সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে অনান্য COVID-১৯ৰ নিয়ম সমূহ মানি চলাটো বাধ্যতামূলক ৷ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিয়মাৱলীৰ আধাৰত এই এলেকা সুৰক্ষিত বুলি ঘোষণা নোহোৱা পৰ্যন্ত এই নিয়ম সমূহ বাহাল থাকিব ৷ এই আদেশ উলংঘাকাৰীৰ বিৰুদ্ধে অসম COVID-১৯ নিয়মাৱলী ২০২০, দুৰ্যোগ প্ৰশমন আইন ২০০৫, মহামাৰী প্ৰতিৰোধ আইন ১৮৯৭’ৰ লগতে অনান্য আইনৰ অধীনত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব। স্মৰ্তব্য যে বিশ্বনাথ জিলাৰ নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চন্দ্ৰভেটী গাওঁ নিবাসী কৃষ্ণ কটোৱাল নামৰ যুৱক জন বহিঃৰাজ্যৰ পৰা আহি প্ৰথমে জিলাখনত প্ৰতিষ্ঠানিক কোৱাৰেন্টাইন কেন্দ্ৰত কটাই যোৱা ৬ জুন তাৰিখে চন্দ্ৰভেটীৰ নিজা ঘৰত গৃহ পৃথকীকৰণ (হোম কোৱাৰেন্টাইন) হৈ আছিল ৷

চন্দ্ৰভেটী অঞ্চলক কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

লগতে পঢ়কঃ পুত্ৰক উভতাই বিচাৰি হুক হুকাই কান্দি উঠিল মাতৃয়ে

ABOUT THE AUTHOR

...view details