অসম

assam

প্ৰাপ্য বিচাৰি হাহাকাৰ ক’ভিড যোদ্ধাৰ

By

Published : May 14, 2021, 10:29 PM IST

এ এন এমৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতো নাই ফলাফল ৷ দৰমহা নাপাই হাহাকাৰ স্বাস্থ্য কৰ্মীৰ ৷

প্ৰাপ্য বিচাৰি হাহাকাৰ ক’ভিড যোদ্ধাৰ
প্ৰাপ্য বিচাৰি হাহাকাৰ ক’ভিড যোদ্ধাৰ

বিশ্বনাথ, 14 মে’:সমগ্ৰ দেশৰ লগতে অসমতো ভয়াবহভাৱে হাৰত বৃদ্ধি পাইছে ক’ভিড-১৯ৰ সংক্ৰমণ ৷ ইতিমধ্যে, দেশত ক’ভিড-১৯ আক্ৰান্ত হৈ বহুজনে ধন-জন হেৰুৱাবলগীয়া পৰিস্থিতি আহি পৰিছে ৷ ফলত, কাল কৰ’ণাক প্ৰতিহত কৰাৰ উদ্দেশ্যে চৰকাৰে মিনি লক ডাউন নীতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ৷ সমান্তৰালভাৱে দেশৰ আন ৰাজ্যৰ লগতে অসমতো মিনি লক ডাউন নীতি বলৱৎ কৰা হৈছে ৷ ঠিক তেনে সময়তে পোহৰলৈ আহিছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এক আজৱ কৰ্মকাণ্ড ৷

তথ্য অনুসৰি, দেশৰ পৰা ক'ভিড-১৯ নিয়ন্ত্ৰণৰ বাবে দিন-ৰাতি একাকাৰ কৰি মহামাৰী ক'ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দি যোৱা যুদ্ধা সকল হাহাকাৰ পৰিস্থিতিৰ সন্মূখীন হ’ব লগাত পৰিছে ৷ অতি দুৰ্ভাগ্যজনক বিষয়টো হ'ল, যি সকল স্বাস্থ্য কৰ্মীয়ে নিজৰ পৰিয়ালৰ লগতে নিজৰ জীৱনৰ কথাও তুচ্ছ জ্ঞান কৰি মানৱ জাতিৰ জীৱন সম্পতি ৰক্ষাৰ লগতে দেশ ৰক্ষাৰ যুঁজত ব্ৰতী হৈ কাম কৰি আহিছে সেইসকল কৰ্মচাৰী বঞ্চিত হ'ব লগা হৈছে নিজৰ প্ৰাপ্যৰ পৰা ৷ অৱশেষত উপায়ন্তৰ হৈ কৰ’ণা যুদ্ধা সকলে নিজ প্ৰাপ্য দৰমহা বিচাৰি মুখ্যমন্ত্ৰীক অনুৰোধ কৰিবলগীয়া অৱস্থাৰ উদ্ভৱ হৈছে ৷

উল্লেখ্য যে, বিগত ২০২০ চনৰ জুন মাহত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা নিযুক্তি লাভ কৰা চতুৰ্থ বৰ্গৰ 541 জন কৰ্মচাৰীয়ে কৰ’ণা যোদ্ধা হিচাপে সেৱা আগবঢ়াই থকাৰ পিছতো ৰাজ্যৰ স্বাস্থ্য বিভাগে নিয়মীয়া মাননি প্ৰদান কৰা নাই ৷ ফলত বাৰুকৈ অৰ্থ সংকটত পৰিছে ক'ভিড যোদ্ধা সকল ৷ বিগত বৰ্ষত এই স্বাস্থ্য কৰ্মী সকলে নিযুক্তি লাভ কৰিয়েই ক'ভিড যোদ্ধা হিচাপে কাম কৰি আহিছে ৷ পৰিতাপৰ বিষয় এই যে, বিগত প্ৰায় এটা বছৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৰ্মচাৰী সকলে ইজন সিজনৰ পৰা পৰা ঋণ-বাকী লৈ কোনোমতে ঘৰ ভাড়া, খোৱা-বোৱা আদি কৰি জীৱন নিৰ্বাহ কৰিব লগাত পৰিছে ৷

শেহতীয়াভাৱে, বহু এনে ক'ভিড যুদ্ধাক গেলামালৰ দোকানীয়েও বাকী নিদিয়া হ'লত বিপাঙত পৰিছে ক'ভিড যোদ্ধা সকল ৷ ইফালে, সংকটত পৰা স্বাস্থ্যকৰ্মী সকলে সমস্যাৰ সমাধান বিচাৰি ৰাজ্যৰ ন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক নিজ প্ৰাপ্য দৰমহা সমূহ নিয়মীয়াকৈ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ৷

আনহাতে, 2021 চনৰ 10 জানুৱাৰীত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজন কৰা এ এন এম (ANM) 545 গৰাকী এ এন এম নাৰ্চৰ লগতে আন লেৱটৰী সহায়ক, কম্পিউটাৰ এচিচটেন্ট জুনিঅ'ৰ এচিচেটেনকে ধৰি মুঠ 594 টা পদৰ নিযুক্তি বাবে স্বাস্থ্য বিভাগে পৰীক্ষা অনুষ্ঠিত কৰিছিল ৷ কিন্তু আজি পৰ্যন্ত কোনো পৰীক্ষা ফলাফল প্ৰকাশ কৰা নাই স্বাস্থ্য বিভাগে ।

মন কৰিবলগীয়া যে, ইতিমধ্যে ৰাজ্যত নতুন চৰকাৰৰ গঠন হোৱাৰ পাচতো বিভাগীয় ভাৱে অনুষ্ঠিত কৰা এ এন এম পৰীক্ষাত অৱতীৰ্ণ হোৱা 545 গৰাকী পৰীক্ষাৰ্থীৰ ফলাফল ঘোষণা হোৱা নাই ৷ তেনে ক্ষেত্ৰত ৰাজ্যৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য বিভাগটোত কৰ্মৰত ক'ভিড যুদ্ধা সকলৰ মনোবল বৃদ্ধিৰ বাবে কি ব্যৱস্থা গ্ৰহন কৰে সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক:ভাৰতৰ ভেকচিন পৰিকল্পনাত লাগিল আউল : চীনে বাংলাদেশক দিলে ঈদৰ উপহাৰ

ABOUT THE AUTHOR

...view details