চতিয়া ,১৬ ছেপ্টেম্বৰ : বিধায়ক পুঁজিৰে প্ৰায় এবছৰ পূৰ্বে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা ইটাখোলাৰ এটা ভৱনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ অন্তত বুধবাৰে বিধায়ক পদ্ম হাজৰিকাই উক্ত ভৱনৰ শুভ উদ্বোধন কৰে । বিধায়ক গৰাকীৰ আশু প্ৰচেষ্টাত তথা স্থানীয় ৰাইজে ৫০ বছৰে সপোন দেখি অহা এখন সুন্দৰ আৰু আকৰ্ষণীয় তথা আধুনিক ভাবে নিৰ্মাণ কৰা ভৱন লাভ কৰি উৎফুল্লিত হৈ পৰে স্থানীয় ৰাইজ ।
বিধায়ক গৰাকীয়ে ভৱনটো উদ্বোধন কৰি ভাষণ প্ৰসংগত ইটাখোলা অঞ্চল সাংস্কৃতিক দিশত পূৰ্বৰে পৰা আগবঢ়া আৰু ইটাখোলা অঞ্চলত অসমীয়া চিনেমা জগতৰ আগশাৰীৰ চিনেমা নিৰ্মাতা প্ৰয়াত জনচ মহলীয়া, বৰ্তমানৰ চিনেমা জগতৰ পৰিচালক ও নিৰ্মাতা ৰাজেন ৰাজখোৱা, প্ৰয়াত সংগীত শিল্পী অপৰাজিতা গগৈ আদি বহু সাংস্কৃতিক বান লোক এই ইটাখোলা অঞ্চলত জন্ম লাভ কৰি ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰ খনত আগ ভাগ লৈ অঞ্চলটোৰ গৌৰব কঢ়িয়াই অনাৰ কথা উল্লেখ কৰে ৷