বিশ্বনাথ, 28 জুলাই: মঙলবাৰে বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ বুৰৈ নদী আৰু গহপুৰৰ চত্ৰং নদীৰ গৰাখহনীয়াৰ পৰিদৰ্শন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । মুখ্যমন্ত্ৰীগৰাকীয়ে বিহালী সমষ্টিৰ বুৰৈ নদীৰ লালপুখুৰী গৰাখহনীয়াৰ ফলত বহু লোকৰ ঘৰবাৰী খহনীয়াত জাহ যোৱা অঞ্চলটো পৰিদৰ্শন কৰি জলস্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷
ইফালে বিহালী লালপুখুৰী পাছতে গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চত্ৰং নদীৰ মথাউৰিও পৰিদৰ্শন কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । চত্ৰং নদীৰ মথাউৰি পৰিদৰ্শন কৰি সমস্যা বুজ লৈ শীঘ্ৰে বিজ্ঞান সন্মত ভাৱে মথাউৰি নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় মন্ত্ৰী কেশৱ মহন্তক নিৰ্দেশ দিয়ে ৷