অসম

assam

ETV Bharat / state

অসমৰ ৰাইজৰ মৰ্যদা আমি কোনো কাৰণতে হানি হবলৈ নিদিওঁ : সোণোৱাল

বিশ্বনাথত বিজেপিৰ ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বিশাল ৰাজহুৱা সভা সম্বেধন কৰি বিজেপি চৰকাৰে অসমৰ ৰাইজৰ মৰ্যদা আমি কোনো কাৰণতে হানি হবলৈ নিদিয়ে বুলি মন্তব্য সোণোৱালৰ ৷ কংগ্ৰেছক কটাক্ষ কৰাৰ লগতে ৰাজহুৱা সভাখনত বিজেপি চৰকাৰৰ বহু উন্নয়নমূলক কামৰো খতিয়ান দাঙি ধৰে মন্ত্ৰী গৰাকীয়ে ৷

cm sarbananda sonowal addressed a huge public gathering at biswanath
cm sarbananda sonowal addressed a huge public gathering at biswanath

By

Published : Feb 22, 2021, 9:45 PM IST

Updated : Feb 22, 2021, 11:03 PM IST

বিশ্বনাথ, 22 ফেব্ৰুৱাৰী:কংগ্ৰেছে ৰাইজৰ ধন আত্মসাৎ কৰাৰ পৰিৱৰ্তে বিজেপি চৰকাৰে ৰাইজৰ সমস্য সমাধানত গুৰুত্ব আৰোপ কৰিছে বুলি সোমবাৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সোমবাৰে বিশ্বনাথত অনুষ্ঠিত এখন ৰজহুৱা সভাত অংশ লৈ সোণোৱালে এই মন্তব্য কৰে ৷ কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি মন্ত্ৰী গৰাকীয়ে অসমৰ ৰাইজৰ মৰ্যদা বিজেপি চৰকাৰে কোনো কাৰণতে হানি হ'বলৈ নিদিয়ে বুলিও মন্তব্য প্ৰকাশ কৰে ৷

কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ ধন আত্মসাৎ কৰাৰ অভিযোগ সোণোৱালৰ

"কথাৰে নহয় বন্ধু কামেৰে পৰিচয়" এই বচন সাৰোগত কৰি 2016 চনত অসমত বিজেপি চৰকাৰে দায়িত্ব লৈ অসমৰ 36 খন জিলাত বাস কৰা সকলো শ্ৰেণীৰ লোকে যাতে সম মৰ্যদাৰে বাস কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰি গৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷

ৰাজহুৱা সভাখনত বিজেপি চৰকাৰৰ বহু উন্নয়নমূলক কামৰো খতিয়ান দাঙি ধৰে মন্ত্ৰী গৰাকীয়ে

কংগ্ৰেছৰ 55 বছৰীয়া কাৰ্যকালত পাহাৰ , ভৈয়াম, গাঁও, চহৰ নগৰ সকলো লোকে যাতায়তৰ অসুবিধাত ভুগিব লগীয়া হৈছিল লগতে বজাৰ দখলৰ ক্ষেত্ৰত কৃষক সকল পাছ পৰি থাকিব লগীয়া হৈছিল বুলি অভিযোগ কৰি সোণোৱালে কয় যে, বিজেপি চৰকাৰে যাতায়ত ৰাস্তা পদূলিৰ পকীকৰণ কৰাৰ লগতে উত্তৰ পাৰত ব্ৰডগজ ৰেললাইন প্ৰৱৰ্তন কৰিলে । যাৰ ফলত উত্তৰ পাৰত 17 খন ৰেলৰ দৈনিক অহাযোৱা সম্ভৱ হৈ পৰিছে লগতে ৰাইজৰ যাতায়ত বহু সূচল হৈ পৰিছে ৷

বিশ্বনাথৰ পানীভড়ালস্থিত আৰক্ষী চাউনীৰ আধাৰশিলা স্থাপন

বিজেপি চৰকাৰৰ দিনত উত্তৰ পাৰক শিক্ষানুষ্ঠানৰ লগতে অন্যান্য ক্ষেত্ৰতো অত্যাধুনিক ভাবে সজাই পৰাই তোলাৰ লগতে অসমত চাহ শ্ৰমিকৰ মজুৰী 217 টকালৈ বৃদ্ধি কৰা হল বুলি দাবী কৰি চাহ বাগিচাৰ লোকসকলৰ শিক্ষাৰ বাবে চাহ বাগিচা অঞ্চলত 119 খন হাইস্কুল স্থাপন কৰাৰ লগতে চাহবাগিচাৰ প্ৰতিটো লাইনৰ ৰাস্তা পকী কৰণ কৰা হল বুলিও মন্তব্য কৰে ৷

বিজেপি চৰকাৰৰ অন্যান্য উন্নয়মূলক কামৰ খতিয়ান দাঙি ধৰি সোণোৱালে কুইপ'ৰ দুই বিষয়াক মানৱতাৰ খাতিৰত মুকলি কৰি দিবলৈ আহ্বান জনায় ৷ আলফাৰ সৈতে আলোচনাৰ বাবে চৰকাৰৰ দুৱাৰ মুকলি আছে বুলিও সোণোৱালে মন্তব্য কৰে ৷

কুইপ'ৰ দুই বিষয়াক মানৱতাৰ খাতিৰত মুকলি কৰি দিবলৈ আহ্বান সোণোৱালৰ

উল্লেখ্য যে, সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় 3.90 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগীয়া বিশ্বনাথৰ পানীভড়ালস্থিত আৰক্ষী চাউনীৰ আধাৰশিলা আৰু ভূমি পূজন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷ বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক অমৰজ্যোতি বৰঠাকুৰে আঁত ধৰা আৰু বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আদৰণি ভাষণ দিয়া ৰাজহুৱা সভা খনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, গহপুৰৰ বিধায়ক উৎপল বৰাই বিশ্বনাথ ‌জিলাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ সম্পৰ্কে তত্ত্ব গধূৰ ভাষণ আগবঢ়ায়। সভাত পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি তথা পণ্যগাৰ নিগমৰ অধ্যক্ষ দিগন্ত ঘাটোৱাৰ, জিলা পৰিষদৰ সভানেত্ৰী লাৱণ্য চাৰেঙীয়া, সমাজ পৰেশ বৰকাকতি, আদিবাসী নেতা বাটাচা ওৰাংকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক পৰিভ্ৰমী চৰাইৰ ভ্ৰমণ আখ্যা ৰিপুন বৰাৰ

Last Updated : Feb 22, 2021, 11:03 PM IST

ABOUT THE AUTHOR

...view details