অসম

assam

ETV Bharat / state

বিশ্বনাথত শিশু সমাৰোহ

বিশ্বনাথৰ চতিয়াত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শিশু সমাৰোহ ৷ শিশুসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰি পুনৰ আনুষ্ঠানিক বিদ্যালয়ত মুলসুঁতিকৰণ আৰু শিশুক মানসিক, বৌদ্ধিক, সামাজিক উৎকৰ্ষ সাধন কৰা উদ্দেশ্য বিশ্বনাথ কৃষি মহাবিদ্যালয় এই শিশু সমাৰোহ অনুষ্ঠিত কৰে ।

By

Published : Feb 27, 2020, 6:56 PM IST

childrens programme at biswanath
বিশ্বনাথত শিশু সমাৰোহ

বিশ্বনাথ, 27 ফেব্ৰুৱাৰীঃ উখল মাখল পৰিৱেশ বিশ্বনাথ কৃষি মহাবিদ্যালয়ত । এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শিশু সমাৰোহ ৷ বিশ্বনাথৰ চতিয়াত বিহালী আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ আৰু বিশ্বনাথ নগৰ আৰু গহপুৰ নগৰ অঞ্চলৰ ১২ টা অনাৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ আৰু ১৮ টা ঋতুকালীন বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে বিদ্যালয় বৰ্হিভূত শিশুসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰি পুনৰ আনুষ্ঠানিক বিদ্যালয়ত মুলসুঁতিকৰণ আৰু শিশুক মানসিক, বৌদ্ধিক, সামাজিক উৎকৰ্ষ সাধন কৰা উদ্দেশ্য বিশ্বনাথ কৃষি মহাবিদ্যালয় এই শিশু সমাৰোহ অনুষ্ঠিত কৰে ।

বিশ্বনাথত শিশু সমাৰোহ
বিশ্বনাথত শিশু সমাৰোহ

এই সমাৰোহত উপস্থিত থাকে সৰ্বশিক্ষা অভিযানৰ বিশ্বনাথ জিলা আঁচনি বিষয়া মনোজ কুমাৰ গোহাঁই , অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সমন্বয়ক প্ৰদীপ কুমাৰ সূত্ৰধৰ , বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু (Dean) ৰনেন্দ্ৰ নাথ বৰ্মন, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ সহ আন কেইবাজনো বিষয়া ।

আৰু পঢ়কঃ তিনিচুকীয়াত গেলাপুখুৰীত পৰিচয়বিহীন মুকবধিৰ মহিলা

ABOUT THE AUTHOR

...view details