অসম

assam

ETV Bharat / state

অসমত বিজেপি দলে ১০০+ আসন দখল কৰিব: ৰঞ্জিত দত্ত - অসমত বিজেপি দলে ১০০ ৰো ওপৰত আসন দখল কৰিব: ৰঞ্জিত দত্ত

অসমত পুনৰ বিজেপি চৰকাৰ হ'ব । অসমত বিজেপি দলে ১০০ ৰো ওপৰত আসন দখল কৰি পুনৰ ২০২১ ত বিজেপিয়ে চৰকাৰ গঠন কৰিব । নিৰ্বাচনৰ পূৰ্বে কেবাটাও উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰি এই মন্তব্য মন্ত্ৰী ৰঞ্জিত দত্তৰ ।

ৰঞ্জিত দত্ত
ৰঞ্জিত দত্ত

By

Published : Feb 27, 2021, 10:52 AM IST

Updated : Feb 27, 2021, 1:52 PM IST

বিশ্বনাথ,২৭ ফেব্ৰুৱাৰী: নিৰ্বাচনৰ পূৰ্বে কেবাটাও উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ৰেচম হস্ততাঁত বস্ত্ৰশিল্প মন্ত্ৰী ৰঞ্জিত দত্তৰ । শুকুৰবাৰে মন্ত্ৰী ৰঞ্জিত দত্তই বিহালী সমষ্টিৰ অন্তৰ্গত বটিয়ামাৰী গাওঁ পঞ্চায়তৰ অধীনত কেবাটাও উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে । অসম চৰকাৰৰ অভিলাষী আঁচনি 'অসম দৰ্শন'ৰ অধীনত ২০২০-২১ বৰ্ষৰ পুঁজিৰে ২ লাখ ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ৭নং ৱাৰ্ডৰ বটিয়ামাৰী কীৰ্তন নামঘৰ, আঞ্চলিক নামঘৰ, মায়ামৰা নামঘৰ, কাছকটা দিনজয় নামঘৰ, ৰাংছালী শংকৰ সংঘ নামঘৰ, ৩নং ৱাৰ্ডৰ কীৰ্তন নামঘৰ, হৰিভক্ত নামঘৰ, ৭নং ৱাৰ্ডৰ ৰৌমাৰী নামঘৰ, বুৰৈ বিষ্ণুচৰণ নামঘৰ, বুৰৈ গুৰি নামঘৰ, ৰাধা গোবিন্দ নামঘৰ, বটিয়ামাৰী ৬নং কৃষ্ণ নামঘৰ, ৰৌমাৰী লক্ষী নামঘৰৰ আধাৰশিলা স্থাপন কৰে । লগতে এই আঁচনিৰ অধীনতে ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া শ্ৰীশ্ৰী সৰ্ব্বেশ্বৰ দেৱালয়ৰ পুনৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে ।

আনহাতে মন্ত্ৰী গৰাকীয়ে ২০২০-২১ বৰ্ষৰ বিধায়ক পুঁজিৰে ৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া মাঘে ৰৌমাৰী দুৰ্গা মন্দিৰৰ আধাৰশিলা স্থাপন কৰে । এই আধাৰশিলা অনুষ্ঠানত বিধায়ক তথা মন্ত্ৰী গৰাকীক সংগ দিয়ে বিহালী বিজেপি মণ্ডলৰ সভাপতি লাচিত বৰা, নিজ বিহালী জিলা পৰিষদৰ সদস্যা দীপিকা ঢাকাল শৰ্মা, বটিয়ামাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী ফুলমণি দাস, আঞ্চলিক পঞ্চায়ত সভানেত্ৰী, বটিয়ামাৰী গাওঁ পঞ্চায়তৰ কনিষ্ঠ অভিযন্তা সঞ্জীৱ কুমাৰ দাস, বিহালী মণ্ডলৰ সম্পাদক অৰিন্দম গোস্বামীকে ধৰি বহু কেইজন স্থানীয় সমাজ সচেতন ব্যক্তি ।

আধাৰশিলা স্থাপন কৰি মন্ত্ৰী দত্তই পুনৰ অসমত বিজেপি চৰকাৰ হ'ব বুলি দাবী কৰে । অসমত বিজেপি দলে ১০০ ৰো ওপৰত আসন দখল কৰি পুনৰ ২০২১ ত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি জনায় মন্ত্ৰী ৰঞ্জিত দত্তই ।

লগতে পঢ়ক:নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপি-কংগ্ৰেছৰ

Last Updated : Feb 27, 2021, 1:52 PM IST

ABOUT THE AUTHOR

...view details