বিশ্বনাথ, ১০ ম': ভাৰতৰ স্বাধীনতা যুঁজৰ প্ৰথম আন্দোলন চিপাহী বিদ্ৰোহৰ ১৬৩ তম বাৰ্ষিক উপলক্ষে বিশ্বনাথৰ ৫০ জন সচেতন যুৱকে দেওবাৰে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় ৰক্ত ভড়ালত ৰক্ত দান কৰে । উল্লেখ্য যে, সমগ্র বিশ্বতে এতিয়া ভয়াৱহ কৰ'ণাই আতংকিত কৰি তুলিছে । যাৰ ফলত ভাৰত তথা অসমৰ একাংশ চিকিৎসালয়ত ৰক্তৰ নাটনি হোৱা পৰিলক্ষিত হৈছে । এই কৰ'ণা ভাইৰাছৰ সংক্ৰমন ৰোধৰ বাবে দেশত চলি থকা লক ডাউনৰ বাবে খাদ্য সামগ্ৰীৰ লগতে জৰুৰীকালীন ৰোগী সকলৰ বাবে ৰাজ্যৰ বিভিন্ন ৰক্ত ভড়ালত বিভিন্ন গ্ৰুপৰ ৰক্তৰ অভাৱ হোৱা তথ্য প্ৰকাশ কৰিছে চিকিৎসকে । সেয়েহে দেওবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভড়ালত নেচনেল মেডিক'জ অৰ্গেনাইজেছন, অসমৰ উদ্যোগত আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত ৰক্তদান কৰে ৫০ জন সচেতন ব্যক্তিয়ে।
বিশ্বনাথত ৫০ জন ব্যক্তিয়ে কৰিলে ৰক্তদান - চিপাহী বিদ্ৰোহ
বিশ্বনাথত সচেতন ব্যক্তি প্ৰশংসনীয় পদক্ষেপ । ৫০ জন ব্যক্তিয়ে ৰক্ত দান কৰিলে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালৰ ৰক্ত ভড়ালত ।
বিশ্বনাথত ৫০ জন ব্যক্তিয়ে কৰিলে ৰক্তদান
বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা নাৰ্চৰ উপস্থিতিত ৰক্তদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰক্ত দান কৰিবলৈ অহা প্ৰতি গৰাকী ব্যক্তিকে প্ৰথমে শৰীৰৰ উষ্ণতা জোখাৰ পাছতহে ৰক্ত ভড়াললৈ প্ৰৱেশ কৰিবলৈ দিয়ে চিকিৎসকৰ দলে । পাচত পুণৰ ব্যক্তি সকলকৰ ৰক্ত সমূহ পৰীক্ষা কৰা পাছতে ৰক্ত সমূহ দিবলৈ অনুমতি দিয়ে চিকিৎসকে ।