"বিজেপিয়ে গোৰ্খা জাতিক সুৰক্ষা দিব"- গোৰ্খা ছাত্ৰ নেতা - বিশ্বনাথ
বিহালীত মন্ত্ৰী ৰণজিৎ দত্তৰ নেতৃত্বত ছাত্ৰনেতাই গোৰ্খা ছাত্ৰ সন্থা এৰি পিন্ধিলে গেৰুৱা বসন ৷ পল্লৱ লোচন দাস আৰু প্ৰদান বৰুৱাক ভোট দিব নালাগে মন্ত্ৰী ৰণজিৎ দত্তৰ মতে ভোট দিব লাগে বিজেপি আৰু মোডীক ৷
বিশ্বনাথ,31 মাৰ্চ: দেওবাৰে বিশ্বনাথৰ বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ নেতৃত্বত অনুষ্ঠিত হয় এক নিৰ্বাচনী প্ৰচাৰ সভা ৷ বিজেপিৰ মনোনীত প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ চলোৱা এই প্ৰচাৰ সভাতে গোৰ্খা ছাত্ৰ নেতাৰ লগতে কেইবাজনো গোৰ্খা জাতিৰ লোকে বিজেপিত যোগদান কৰে ৷ ইপিনে গোৰ্খা ছাত্ৰ সন্থা ত্যাগ কৰি গেৰুৱা বসন পিন্ধিয়ে বিজেপিৰ গুণগানত পঞ্চমুখ হ'ল ছাত্ৰনেতাজন ৷ ইপিনে বিগত সময়ত আৰ পি শৰ্মাক তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব নিদিয়াক কেন্দ্ৰ কৰি লগতে কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই গোৰ্খা জাতিক কৰা কটু মন্তব্য দিয়াত সমগ্ৰ অসমতেই গোৰ্খা ছাত্ৰ সন্থাই মন্ত্ৰী ৰণজিৎ দত্তৰ বিৰুদ্ধে আৰু বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ কিন্তু ঠিক তেনে সময়তে বিহালীত ছাত্ৰ নেতাজনৰ লগতে কেইবাজনো গোৰ্খা জনজাতিৰ লোকৰবিজেপিত যোগদানপ্ৰকৃততে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ আনহাতে মন্ত্ৰী ৰণজিৎ দত্তই দলীয় সভাত এইবাৰ লোকসভাৰ দুই সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে 9নং তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস আৰু 14নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাক ভোট দিব নালাগে বৰঞ্চবিজেপি আৰু নৰেন্দ্ৰ মোডীক ভোট দিবলৈ আহ্বান জনায় ।