বিশ্বনাথ,২০ আগষ্ট :শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত শাসকীয় দল বিজেপিয়ে (Bjp) তৃণমূল পৰ্যায়ক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । ইফালে নতুন ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ (State president of BJP Bhabesh Kalita) নেতৃত্বত গঠন হৈছে নতুন সমিতি । সভাপতিগৰাকীৰ নিৰ্দেশ মৰ্মে বুথ পৰ্যায়ৰ কৰ্মীসকলক শক্তিশালী কৰাৰ উদ্দেশ্যে ঠায়ে ঠায়ে সভা অনুষ্ঠিত কৰা হৈছে ।
সমান্তৰালকৈ বিশ্বনাথ জিলা মহিলা মৰ্চায়ো (Biswanath District Mahila Morcha) দ্বিতীয় কাৰ্যনিৰ্বাহক সভা আয়োজন কৰে । বৃহস্পতিবাৰে বিশ্বনাথ চাৰিআলিস্থিত আশীৰ্বাদ ভৱনত অনুষ্ঠিত হয় এই কাৰ্যনিৰ্বাহক সভাখন (executive meeting) । বিশ্বনাথ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী লিনা শইকীয়াই সভাপতিত্ব কৰা এই কাৰ্যনিৰ্বাহকত কেইবাগৰাকী ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ শীৰ্ষ বিজেপি নেতা উপস্থিত থাকে ।
সভানেত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, এই সভাত বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত আলোচনা কৰা হয় । বিশেষকৈ আগন্তুক দিনত কেনেদৰে দলটোক ৰাইজৰ মাজলৈ লৈ গৈ অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰি সেই বিষয়ে আলোচনা হয় ।