অসম

assam

ETV Bharat / state

বিশ্বনাথত এখন গাঁৱৰ শতাধিক ৰাইজৰ নাম নাহিল এন আৰ চিত - এন আৰ চি

বুধবাৰে দেখা বিশ্বনাথৰ মাঘমাৰীত হাতে হাতে বৈধ নথি পত্ৰ লৈ উলাই আহিল এখন গাঁৱৰ ৰাইজ । শতাধিক ৰাইজে নিজৰ পৰিচয় পত্ৰ লৈ উলাই আহি কাষ চাপিল সংবাদ মাধ্যমৰ ।

বিশ্বনাথত এখন গাঁৱৰ শতাধিক ৰাইজৰ নাম নাহিল এন আৰ চিত

By

Published : Sep 4, 2019, 10:59 PM IST

বিশ্বনাথ,4ছেপ্টেম্বৰঃ যোৱা ৩১ আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী তালিকাত অন্তৰ্ভুক্ত নহ'ল এখন গাঁৱৰ শতাধিক ৰাইজৰ নাম । ভুক্তভোগী ৰাইজৰ মতে ১৯৬৪/৬৭ চনতে পূৱ পাকিস্তানৰ পৰা অহা শৰণাৰ্থী হিচাপে পৰিচয় পত্ৰ লাভ কৰিছিল লোকসকলে ৷ ভাৰত চৰকাৰৰ আহ্বান মৰ্মে পূৱ পাকিস্তানৰ পৰা ভাৰতলৈ ১৯৬৪ চনতে চৰকাৰে ভূমি প্ৰদান কৰি বসবাস কৰিবলৈ দিছিল ভাৰতত । কিন্তু ধৰ্মীয় আতিশায্যৰ সন্মুখীন হৈ সমগ্ৰ সা-সম্পত্তি আৰু নিজৰ আপোন ঘৰদুৱাৰ এৰি ভাৰতীয় হ'বলৈ অহা বিশ্বনাথৰ মাঘমাৰী গাঁওখনৰ লোকসকলৰ 90 শতাংশ নাম অন্তৰ্ভুক্ত ন'হল NRC ত ৷ ইপিনে এই লোকসকলৰ ভিতৰত কেইবাজনো সেনা জোৱান আৰু শিক্ষকৰ লগতে এজন আৰক্ষী কনিষ্টবলৰ নাম অন্তৰ্ভুক্ত হোৱা নাই এন আৰ চিত ৷

বিশ্বনাথত এখন গাঁৱৰ শতাধিক ৰাইজৰ নাম নাহিল এন আৰ চিত

ABOUT THE AUTHOR

...view details