বিশ্বনাথ, ২ মেঃ বিশ্বনাথ জিলাৰ অন্তৰ্গত ৰতোৱা নিবাসী ইন্দেশ্বৰ বৰা ৷ ইন্দ্ৰেশ্বৰ বৰা অঞ্চলটোত সকলোৰে পৰিচিত 'পুতুকাই' নামেৰে ৷ পত্নী আৰু দুগৰাকী বিশেষভাৱে সক্ষম জীয়ৰীৰে চলাই গৈছে সংসাৰ ৷ দিন-হাজিৰা, বাঁহৰ কাঠি কামিৰে খৰাহি চালনী তৈয়াৰ কৰি যেনে-তেনে পোহ পালন দি গৈছে পৰিয়ালটোক ৷ পুতুকাই ৰতোৱা গাৱঁৰ বৰ নামঘৰত নামঘৰীয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰি থকা এজন সাধাৰণ ব্যক্তি ৷
কিন্তু দৰিদ্ৰতাই কোঙা কৰা পুতুকাইৰ জীৱনগাঁথা অতি দুখৰ ৷ বয়সৰ লগে লগে হেৰুৱাই গৈছে দৃষ্টিশক্তি ৷ পুতুকাইৰ আছে দুগৰাকীকৈ কন্যা সন্তান ৷ অতি দুখৰ বিষয় এই যে দুই গৰাকী কন্যাই স্বভাৱিক জীৱন যাপন কৰিব নোৱাৰে ৷ ডাঙৰজনী কন্যাই নোৱাৰে সাধাৰণ মানুহৰ দৰে কথা বতৰা পাতিব। জন্মগত মূকবধিৰ ডাঙৰগৰাকী কন্যাই ঘৰে-ঘৰে, দোকান আদিত ভিক্ষা খুজি পেটৰ ভোক নিবাৰণ কৰি আহিছে ৷