বিশ্বনাথ, 17 এপ্ৰিলঃ বিশ্বনাথত লক ডাউন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী প্ৰশাসন ৷ শুকুৰবাৰে বিনা কাৰণত ৰাজপথত ঘূৰি ফুৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে আৰক্ষীয়ে ৷ বিশ্বনাথ চাৰিআলিৰ যান বাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰুপ থাপাৰ নেতৃত্বৰ আৰক্ষীৰ এটি দলে এইসকল চালকৰ বাহনসমূহ জব্দ কৰে ৷ ইয়াৰ বিপৰীতে যিবোৰ লোকে উপযুক্ত নথি-পত্ৰ দেখুৱাবলৈ সক্ষম হৈছে কেৱল সেইসমূহ বাহনকহে যাবলৈ অনুমতি দিয়া হয় ৷ আনহাতে,ভৱিষ্যতে এইধৰণৰ আইন অমান্যকাৰীৰ বিৰুদ্ধে আৰক্ষী আৰু অধিক কঠোৰ হ’ব বুলি মন্তব্য কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ৷
বিশ্বনাথত লক ডাউন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী - biswanath police news
বিশ্বনাথত লক ডাউন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী প্ৰশাসন ৷ শুকুৰবাৰে বিনা-কাৰণত ৰাজপথত ঘূৰি ফুৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে আৰক্ষীয়ে ৷
বিশ্বনাথত লক ডাউন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী