বিহালী, 5 আগষ্ট : এগৰাকী মাতৃ কিমান নিৰ্দয় হব পাৰে? কিমান নিষ্ঠুৰ হ'লে নিজে জন্ম দিয়া সন্তানক হত্যা কৰিব পাৰে? নিৰ্দয়তাৰ সকলো সীমা চেৰাই বিহালীৰ বৰগাং মৰাণ গাঁৱৰ মিনা গোৱালা নামৰ এগৰাকী মাতৃয়ে হত্যা কৰিলে নিজ সদ্যোজাত সন্তানক ৷ ঘটনা অনুসৰি দেওবাৰে সন্ধিয়া প্ৰায় ৫ মান বজাত নিজ মাতৃৰ সৈতে মিলি নিমখ খুৱাই মুখত কাপোৰেৰে সোপা দি মিনুৱে নিষ্ঠুৰভাৱে হত্যা নিজ ল'ৰা সন্তানক ৷ অভিযোগ অনুসৰি বহু পুৰুষৰ সৈতে থকা অবৈধ প্ৰেমৰ পৰিণতি স্বৰূপেই গৰ্ভৱতী হৈছিল মহিলা গৰাকী ৷ অৱশেষত নিজৰ কলংকৰ ভাৰ ল'ব নোৱাৰি 9 মাহ 9 দিন নিজ গৰ্ভত ৰখা সন্তানকে হত্যা কৰে পাষাণ মাতৃগৰাকীয়ে ৷
বৰগাংত নিমখ খুৱাই নিজ সন্তানক হত্যা মাতৃৰ - Mina Gowala
অবৈধ সম্পৰ্কৰ কৰুণ পৰিণতি ৷ নিজে জন্ম দিয়া সন্তানক নিজ হাতেৰে হত্যা কৰিলে পাষাণ মাতৃয়ে ৷
বৰগাংত নিমখ খুৱাই নিজ সন্তানক হত্যা মাতৃৰ
ইফালে হৃদয়বিদাৰক ঘটনাটো সংঘটিত কৰি মাতৃসহ গাঁৱৰ পৰা পলায়ন কৰে হত্যাকাৰী পাষাণ মিনা গোৱালাই ৷ সোমবাৰে ঘটনাটো পোহৰলৈ অহাত ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ইতিমধ্যে পাষাণ মাতৃ আৰু দেৱ শিশু হত্যাকাৰী আইতাকৰ ঠিকনাৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷