বিশ্বনাথ, 28 এপ্ৰিলঃ বিশ্বনাথৰ সাপ্তাহিক বজাৰত একাংশ দুষ্টলোকৰ বলি হোৱা চৌকত আলিৰ বাসগৃহত উপস্থিত বিভিন্ন সংগঠনৰ সদস্য সকল । যি সময়ত একাংশ লোকে এই ঘটনাৰ আলম লৈ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ উঠি- পৰি লাগিছে ঠিক তেনে সময়তে সাম্প্ৰদায়িক শক্তিক মষিমূৰ কৰাৰ স্বাৰ্থত বিশ্বনাথত একত্ৰিত হল 10 টাকৈ জাতীয়- জনগোষ্ঠীয় ছাত্ৰ সংগঠন । এইদৰে এক গোট হৈ চৌকত আলিৰ বাসগৃত উপস্থিত হোৱা ঘটনাই অঞ্চলটোলৈ এক সু-খবৰ কঢ়িয়াই আনিছে । ইফালে বৰ্তমান চিকিৎসালয় পৰা আহি চৌকত আলিয়ে ঘৰতে কিছু জিৰণি লৈছে যদিও আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ পৰিছে পৰিয়ালটো ।
সাম্প্ৰদায়িকতাৰ বিপৰীতে বিশ্বনাথত একত্ৰিত হ'ল 10 টাকৈ ছাত্ৰ-সংগঠন - জাতীয়- জনগোষ্ঠীয় ছাত্ৰ-সংগঠন
চৌকত আলিৰ ন্যায়ৰ দাবীত আমছু, আছু,যুৱ ছাত্ৰ পৰিষদ, আটছাকে ধৰি কেইবাটাও সংগঠনে বিশ্বনাথ জিলা উপায়ুক্ত আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷
আৰু পঢ়কঃমুখ খুলিলে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত তাছাই
চৌকত আলিৰ এই বৰ্বৰ ঘটনাক লৈ ৰাজনীতি কৰা সকলক কঠোৰ সকীয়নি প্ৰদান কৰিছে বিশ্বনাথৰ ছাত্ৰ সংগঠন সমূহে । এই ঘটনাত জড়িত সকলক কঠোৰ শাস্তি প্ৰদান কৰাৰ স্বাৰ্থত আমছু, আছু,যুৱ ছাত্ৰ পৰিষদ, আটছা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, আছা, টাইপা, আগছু, বড়ো ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থাৰ এক সজাঁতি দলে বিশ্বনাথ জিলা উপায়ুক্ত আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে । আনহাতে উক্ত ঘটনাৰ আলম লৈ যাতে কোনো অপশক্তিয়ে সাম্প্ৰদায়িক বিবাদ সৃষ্টি কৰি হিন্দু-মুছলমান তথা ভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত কোনো বিভেদ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতিও প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে তেনে অপশক্তিক কঠোৰ হাতেৰে দমন কৰিবলৈ সংগঠন সমূহে দাবী জনাইছে ।