অসম

assam

ETV Bharat / state

বিশ্বনাথত কৃষকলৈ যোগান ধৰা টেক্টৰ ব্যৱহাৰ ভূমি খনন কাৰ্যত - লুন্ঠনৰাজ

গোটৰ সদস্যৰ অজ্ঞাতে সম্পাদকৰ লুন্ঠনৰাজ

গোটৰ সদস্যৰ অজ্ঞাতে সম্পাদকৰ লুন্ঠনৰাজ

By

Published : Feb 24, 2019, 11:19 AM IST

বিশ্বনাথ, ২৪ ফেব্ৰুৱাৰী :বিশ্বনাথৰ বিহালীত বিজেপি কৰ্মীৰ লুন্ঠনৰাজ । চৰকাৰেকৃষকলৈ খেতিৰ বাবে যোগান ধৰা টেক্টৰ ব্যৱহাৰ অবৈধ ইটা ভাটাৰ ভূমি খনন কাৰ্যত । গোটৰ সদস্যক অন্ধকাৰত ৰাখি চৰকাৰৰ পৰা লাভ কৰা ট্ৰেক্টৰ অবৈধভাৱে ইটাৰ ভাটাত ভাড়া দি একনায়কত্ববাদ চলোৱাৰ অভিযোগ গোটৰ সম্পাদক তথা বিজেপি কৰ্মী প্ৰবোধ দাসৰ বিৰুদ্ধে । গোটৰ সভাপতি নাৰায়ন বৰ্মনৰ আকস্মিক বিয়োগৰ সুযোগ লৈ সম্পাদকগৰাকীয়ে কৃষকলৈ অহা টেক্টৰখন কৃষক ৰাইজক নিদি নিজাকৈ বিহালীৰ একাংশ ইটা ভাটাত অবৈধ কৃষি ভূমি খনন কৰাত ভাড়ালৈ দিয়াত গৰজি উঠিছে গোটৰ আন সদস্যসকল ।

গোটৰ সদস্যৰ অজ্ঞাতে সম্পাদকৰ লুন্ঠনৰাজ
ইপিনে গোটটোৰ বঞ্চিতকৃষকসকলেবহুবাৰ সম্পাদকগৰাকীক টেক্টৰখন ইটাৰ ভাটাত ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাই আহিছে যদিও কোনো গোটৰ সদস্যৰ কথা নামানি অব্যাহত ৰাখিছে অবৈধ ইটাৰ ভাটাৰ ভূমি খনন কাৰ্য ।আনহাতে, গোটৰ সদস্যসকলৰ এই অভিযোগৰ পাচতে গোটৰ সম্পাদক প্ৰবোধ দাসৰ পৰা এই অভিযোগ সম্পৰ্কে সাংবাদিকে জানিবলৈ বিচাৰে যদিও কোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে সম্পাদকগৰাকী ।

ABOUT THE AUTHOR

...view details