বিশ্বনাথ, 18 আগষ্টঃ সম্প্ৰতি ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে হস্তী মানৱৰ সংঘাত । দৈনিক ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীয়ে মানুহৰ ঘৰ-দুৱাৰ ভাঙি, শস্যৰ অনিষ্ট কৰি একপ্ৰকাৰে সন্ত্ৰাস চলাই অহাৰ সমান্তৰাল ভাৱে বিশ্বনাথতো অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। ইতিমধ্যে, বিশ্বনাথত বিগত কিছুদিন ধৰি কেইবা ঠাইটো বন্যহস্তীয়ে মানুহৰ বাসস্থান অনিষ্ট কৰি, খেতিপথাৰ ধ্বংস কৰি আহিছে।
বিশ্বনাথত বন্যহস্তীৰ উপদ্ৰৱ:কথমপি প্ৰাণ ৰক্ষা শিশুসহ এটি পৰিয়ালৰ - উপদ্ৰৱ
বিশ্বনাথৰ বিহালী সমষ্টিৰ হাতীবন্ধা গাওঁ, ৰাংচালী গাঁৱত নিশা বন্যহস্তীৰ সন্ত্ৰাস, কথমপি প্ৰাণ ৰক্ষা শিশুসহ এটি পৰিয়ালৰ
বিশ্বনাথত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস
আন দিনাৰ দৰে পুৱতি নিশা বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত হাতীবন্ধা গাঁৱৰ এটি বাসগৃহত পৰিয়ালটো শুই থকা অৱস্থাতেই অতৰ্কিতে বন্য হস্তীয়ে আক্ৰমণ চলায় । যাৰ ফলত ঘৰৰ দেৱাল ভঙি পৰাত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ শিশু সহ অন্যান্য সদস্যসকলৰ ৷ ইফালে হাতীয়ে বাসগৃহটোৰ ক্ষতি কৰাৰ লগতে গৃহটোত মজুত থকা খাদ্য সামগ্ৰীৰো অনিষ্ট সাধন কৰে।
লগতে, বিহালীৰ ৰাংচালী গাঁৱতো বন্যহস্তীয়ে সন্ত্ৰাস চলাই দৰিদ্ৰ কৃষকৰ খেতি পথাৰৰ অনিষ্ট সাধন কৰিছে ৷