অসম

assam

বিশ্বনাথ মহাবিদ্যালয়ৰ গ্ৰন্থ উৎসৱত উন্মোচন সাতখন গ্ৰন্থ

By

Published : Feb 26, 2020, 4:16 PM IST

বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজিত গ্ৰন্থ উৎসৱখনীত উন্মোচন কৰা হয় সাতখনকৈ গ্ৰন্থ ৷ নৱপ্ৰজন্মক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰি গ্ৰন্থ অধ্যয়ণৰ প্ৰতি স্পৃহা জগাই তোলাৰ উদ্দেশ্যৰে আয়োজন কৰা হয় এই গ্ৰন্থ উৎসৱৰ ৷

biswanath-college-diamond-jubilee
বিশ্বনাথ মহাবিদ্যালয়ৰ গ্ৰন্থ উৎসৱত উন্মোচন সাতখন গ্ৰন্থ

বিশ্বনাথ, ২৫ ফেব্ৰুৱাৰী: বুধবাৰৰ পৰা উত্তৰ অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ত আৰম্ভ হয় গ্ৰন্থ উৎসৱ ৷ নৱপ্ৰজন্মক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰি গ্ৰন্থ অধ্যয়ণৰ প্ৰতি স্পৃহা জগাই তোলাৰ উদ্দেশ্যৰে আয়োজন কৰা হৈছে এই গ্ৰন্থ উৎসৱৰ ৷ বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত তথা বিশ্বনাথ মহাবিদ্যালয় আছু গোটৰ সহযোগত অনুষ্ঠিত হোৱা গ্ৰন্থ উৎসৱত সাতখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ৷ ইয়াৰ লগতে গ্ৰন্থমেলা আৰু ছাত্ৰ ছাত্ৰীৰ মাজত একোখনকৈ গ্ৰন্থ বিনিময়ৰ এক ব্যতিক্ৰমী অনুষ্ঠানো অনুষ্ঠিত কৰা হয় ।

বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চিন্তামণি শৰ্মাই বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত অনুগল্প সংকলন শিক্ষয়িত্ৰী বিভামণি দাসৰ 'জীৱন যুঁজৰ নাগপাশ', কাব্য সংকলন 'অনামী অনুৰাগৰ ঢৌ', অধ্যাপিকা কবিতা বৰাৰ কাব্য সংকলন 'ৰঙা বেলিটিৰ সন্ধানত', কাৰিকৰী বিভাগৰ কৰ্মচাৰী জোনমণি দাসৰ কাব্য সংকলন 'তোমাৰ প্ৰেমেৰে মোক এৰাল নিদিবা', মানস জ্যোতি দাসৰ কাব্য সংকলন 'তোমাক লগ পোৱাৰ পাছত হৃদয় খন হেৰুৱালো', অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ সদানন্দ হাজৰিকাৰ প্ৰবন্ধ সংকলন 'সময় আৰু ৰাজিনীতি', মিনাক্ষী দাসৰ কেৰিয়াৰ সমন্ধীয় গ্ৰন্থ 'An Introduction Career And Councelling', আদি গ্ৰন্থ উন্মোচন কৰা হয় ৷

বিশ্বনাথ মহাবিদ্যালয়ৰ গ্ৰন্থ উৎসৱত উন্মোচন সাতখন গ্ৰন্থ

অধিক খবৰৰ বাবে:শাৰীৰিক বাধা নেওচি দুৰন্ত ৰূপত ফিল'বাৰীৰ প্ৰিয়ংকা

উল্লেখ্য যে উন্মোচন হোৱা গ্ৰন্থসমূহ পূৰ্বায়ণ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত । প্ৰবক্তা তথা উদীয়মান সাহিত্যিক মানস জ্যোতি দাস আৰু পংকজ নেওগে আঁত ধৰা অনুষ্ঠানত বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চিন্তামণি শৰ্মাই আদৰণি ভাষণত ছাত্ৰ একতা সভাৰ যোগাত্মক দৃষ্টিভংগীৰ শলাগ লোৱাৰ লগতে এনে ধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ অমৰজ্যোতি বৰঠাকুৰ, উপাধ্যক্ষা মৰমী ভট্টাচাৰ্যৰ লগতে বিশ্বনাথৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে অনুষ্ঠানটিত ৷

ABOUT THE AUTHOR

...view details